NORTHEAST NOW (Assamese)

বাক্সাৰ শিমলাৰ থেবৰ নদীত সলিল সমাধি আঢ়ৈ বছৰীয়া শিশুৰ

August 11, 2018 11:40 am · শশাংক তালুকদাৰ
Updated: August 11, 2018 12:08 pm
প্ৰতিনিধিত্বমূলক ছবি

বাক্সাৰ শিমলাৰ  থেবৰ নদীত কালি আবেলি শোকাবহভাবে সলিল সমাধি ঘটে এটি আঢ়ৈ বছৰীয়া শিশুৰ৷ শিশুটিৰ নাম প্ৰীতম দাস৷

ঘটনাৰ বিৱৰণী অনুসৰি শিমলাৰ মাজেৰে বৈ যোৱা থেবৰ নদীৰ পাৰতে বাস কৰা মনজিত দাস আৰু মঞ্জু দাসৰ পুত্ৰ সন্তান প্ৰীতমে আবেলি সময়ত  ঘৰৰ পৰা নিৰুদ্দিষ্ট হৈ থাকে৷

থুনুক-থানাককৈ খোজ কাঢ়িব পৰা হোৱা শিশুটিক বিচাৰি নাপাই ঘৰখনত  লগে লগে হুৱাদুৱা লাগি পৰে। স্থানীয় লোকে শিশুটি নৈত পৰাৰ সন্দেহ কৰাত শিমলা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰা হয় আৰু ইয়াৰ পাছতে এছডিআৰএফৰ এটি দল আহি থেবৰ নৈত শিশুটিৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ অৱশেষত গধুলি প্ৰায় ৭-৩০ মান বজাত এছডিআৰএফৰ গোটটোৱে নৈখনত শিশুটিৰ মৃতদেহউদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৷

Related News