TOIৰ সাংবাদিক গুৰুতৰভাৱে জখম, গুৱাহাটীৰ পথত নিশাৰ ঘটনাক লৈ ৰহস্য

টাইমছ অৱ ইণ্ডিয়াৰ সাংবাদিক নৰেশ মিত্ৰ শুকুৰবাৰে নিশা গুৱাহাটীৰ ভঙাগড়ত গুৰুতৰভাৱে জখম হৈছে।
মূৰত গুৰুতৰভাৱে আঘাত পোৱা মিত্ৰৰ দেওবাৰে পুৱা গুৱাহাটীৰ নে’মকেয়াৰ চিকিৎসালয়ত অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।
বাতৰি লিখালৈকে তেওঁৰ চেতনা ঘূৰি অহা নাই। কিন্তু, চিকিৎসালয়ৰ মুখপাত্ৰই জনোৱামতে, মিত্ৰক আই চি ইউত ৰখা হৈছে আৰু তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিছে।
প্ৰথমে ঘটনাটো দুৰ্ঘটনাজনিত বুলি ভবা হৈছিল যদিও চিকিৎসকৰ ভাষ্যৰ পিছত ইয়াক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
মিত্ৰৰ অস্ত্ৰোপচাৰ কৰা চিকিৎসকে তেওঁৰ পৰিয়ালক জনোৱামতে ঘটনাটো “আক্ৰমণ” (assault)সদৃশ।
খবৰমতে, মূৰেৰে তেজ গৈ থকা অৱস্থাত মিত্ৰক কোনো অজ্ঞাত লোকে শুকুৰবাৰে ৰাতি প্ৰায় ১০:৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত থৈ গৈছিল।
সতীৰ্থ সাংবাদিকৰমতে, মিত্ৰ সেই সময়ত কাৰ্য্যালয়ৰ পৰা ঘৰলৈ বুলি আহি আছিল।
পিছত পৰিয়ালৰ লোকে ৰাতিয়ে আনি তেওঁক নে’মকেয়াৰ হস্পিটেলত ভৰ্তি কৰিছিল।
জানিব পৰামতে, মিত্ৰৰ প্ৰথম অৱস্থাত জ্ঞান আছিল আৰু চিকিৎসালয়ত কাষত থকা লোকক কিবা কৈ আছিল, কিন্তু পিছত তেওঁ অচেতন হৈ পৰে।
গুৱাহাটী ইষ্টৰ উপ আৰক্ষী আয়ুক্ত ৰঞ্জন ভূঞাই জনোৱামতে, ঘটনাটোক লৈ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তেওঁলোকে তদন্ত চলাই আছে।
“সেই ৰাতি আচলতে কি হৈছিল জানিবলৈ আমি এলেকাটোৰ চিচিটিভি ফুটিজ পৰীক্ষা কৰি আছো,” নৰ্থইষ্ট নাওক ভূঞাই জনায়।
ঘটনাটোৱে সাংবাদিকসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জাৰ্নেলিষ্টছ ফ’ৰাম আছামে ইয়াক “আক্ৰমণ”ৰ ঘটনাৰূপে সন্দেহ কৰিছে আৰু সঠিক তদন্ত দাবী কৰিছে।
“সেই ৰাতি নৰেশ জখম হোৱা ঘটনাটোৰ আমি উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰিছো,” জে এফ এ’ৰ সভাপতি ৰূপম বৰুৱা আৰু সম্পাদক নৱ ঠাকুৰীয়াৰ বিবৃতিত প্ৰকাশ।