NORTHEAST NOW (Assamese)

মহামাৰী ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণত নাহিলে বাতিল হ’ব টকিঅ’ অলিম্পিক

April 28, 2020 3:16 pm · এন ই নাও নিউজ

অহা বছৰো যদি মহামাৰী ক’ৰ’না ভাইৰাছক নিয়ন্ত্ৰণত আনিব পৰা নাযাই তেন্তে এবছৰলৈ পিছুৱাই দিয়া ২০২০ টকিঅ’ অলিম্পিক আনুষ্ঠানিকভাৱে বাতিল কৰা হ’ব। অলিম্পিক আয়োজক সমিতিৰ অধ্যক্ষই এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰ অনুষ্ঠিত হ’ব লগীয়া অলিম্পিক পিছুৱাই অহা বছৰৰ ২১ জুলাইৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু অহা বছৰো যদি ক’ৰ’নাৰ সংহাৰ অব্যাহত থাকে তেন্তে ইয়াক আৰু অধিক পিছুৱাব পৰা নাযাব বুলি মন্তব্য কৰিছে আয়োজক সমিতিৰ অধ্যক্ষ য়’ছিৰ’ মোৰীয়ে।

জাপানৰ ‍‘নিক্কন স্প’ৰ্টছ’ নামৰ এখন দৈনিক কাকতৰ সাক্ষাৎকাৰত মোৰীক সোধা হৈছিল যে যদি অহা বছৰো মহামাৰী ক’ৰ’নাৰ প্ৰভাৱ থাকে তেন্তে অলিম্পিক ২০২২ লৈ পিছুওৱা হ’ব নেকি, তেতিয়া তেওঁ উত্তৰত কয়, ‍‘নাই। যদি এয়া হয় তেন্তে অলিম্পিক বাতিল কৰি দিয়া হ’ব’।

মোৰীয়ে কয় যে ইয়াৰ পূৰ্বে কেৱল যুদ্ধৰ সময়তহে অলিম্পিক বাতিল কৰা হৈছিল। তেওঁ এই যুঁজখনক ‍‘এক অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুঁজ’ হিচাপে অভিহিত কৰিছে।

তেওঁ লগতে কয়, ‍‘ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণত আহিলে আমি অহা বছৰ গৰমত অলিম্পিক আয়োজন কৰিব পাৰিম’।

Related News