NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ কৰ্তনৰ পাছতে শংকিত ৰাজ্যৰ কৰ্মচাৰী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 28, 2020 2:55 pm
index.jpg2

কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ কৰ্তনৰ সিদ্ধান্ত লোৱাৰ পাছতে শংকিত ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত বিষয়া কৰ্মচাৰী।

সেয়েহে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰি মৰগীয়া বানচ বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা সৃষ্টি নকৰিবলৈ তথা দৰমহা কৰ্তন নকৰিবলৈ আহ্বান সচিবালয় সেৱা সন্থাৰ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই কয়, “ইতিমধ্যে সন্থাৰ অন্তৰ্গত বিষয়া কৰ্মচাৰীসকলে এদিনৰ দৰমহা অসম আৰোগ্য নিধিলৈ প্ৰদান কৰিছে। মানৱীয় দৃষ্টিৰে দৰিদ্ৰ জনসাধাৰণক সহায় সহযোগিতা আগবঢ়াইছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিৰ ক্ষেত্ৰত হেমাহি কৰাত সচিবালয় সেৱা সন্থাই শংকা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দা দৰমহা আৰু অন্যান্য সা সুবিধাৰ ক্ষেত্ৰত পাৰ্থক্য লক্ষ্যণীয়।”

সেয়েহে, ৰাজ্যৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টিৰ বাবে চৰকাৰে যাতে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে বা কৰ্মচাৰীৰ মাহিলি দৰমহা কৰ্তন নকৰিবলৈ আহ্বান জনাই ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু মুখ্য সচিবক সন্থাই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।