NORTHEAST NOW (Assamese)

দৰৰ বাবেই নহয়, শৰীৰৰ বাবেও এৰাই চলক বিলাহী: নহ’লে আসন্ন বিপদ

July 15, 2023 3:45 pm · এন ই নাও নিউজ, গুৱাহাটী

সম্প্ৰতি দেশৰ বজাৰত জুই লাগিছে বিলাহীৰ। বিলাহীৰ দৰে অতিক্ৰম কৰিছে শতকৰ ঘৰ। অৱশ্যে কেৱল বিলাহী বুলিয়েই নহয়, বজাৰত সকলো পাচলিৰে হৈছে আকাশলংঘী মূল্যবৃদ্ধি। তাৰ মাজতে বিশেষকৈ বিলাহীৰ দৰ বৃদ্ধিক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে।

সাধাৰণতে খাদ্য ৰসিক মানুহৰ বাবে বিলাহী ৰন্ধন-প্ৰকৰণত অত্যন্ত প্ৰয়োজনীয়। তৰকাৰীত বিলাহীয়ে দিয়ে এক অনন্য স্বাদ। মাজ-মঙহৰ পৰা আৰম্ভ কৰি দাইললৈকে হয় বিলাহীৰ ব্যৱহাৰ। বিলাহী নিদিলেই যেন বেয়া হ’ব আঞ্জাৰ সোৱাদ।

পিছে এতিয়া অত্যধিক দামৰ বাবে প্ৰায়সংখ্যক লোকেই ক্ৰয় কৰিবলৈ চিন্তা কৰিছে বিলাহী। দাম বৃদ্ধি পোৱা বুলিয়ে নহয়, পৰাপক্ষত শৰীৰৰ বাবেও বিলাহী এৰাই চলিব পাৰিলে উপকৃত হোৱাৰহে থল আছে। এনে কিছু ৰোগ আছে, যিসমূহ ৰোগৰ বাবে বিলাহী উঠিব পাৰে বিপদজনক।

সেয়ে এই ৰোগসমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই বিলাহী খোৱাৰ পৰা আঁতৰি থকা উচিত। জানো আহক বিলাহীৰ এনে বিপদজনক দিশসমূহৰ বিষয়ে:

বিলাহী ব্যৱহাৰেৰে তৰকাৰীৰ সোৱাদ যিমানেই ভাল নহওক কিয়, বেছিকৈ বিলাহী খালে গেষ্ট্ৰিকৰ সমস্যা হ’ব পাৰে। যিসকল লোকৰ গেছৰ সমস্যা আছে, তেওঁলোকে পাৰিলে তৰকাৰীত বিলাহী ব্যৱহাৰ কৰিব নালাগে।

সঘনাই এলাৰ্জী তথা ছালৰ ৰোগত আক্ৰান্ত লোকৰ বাবে বিলাহী অতি ক্ষতিকাৰক। বাতবিষৰ সমস্যা থাকিলেও বিলাহী খোৱা উচিত নহয়।

আয়ুৰ্বেদিক বিশেষজ্ঞসকলে মহিলাৰ পিৰিয়ডৰ সময়ত বিলাহী নাখাবলৈ পৰামৰ্শ দিয়ে। তেওঁলোকৰ মতে, বেছিকৈ বিলাহীৰ চচ, সিজোৱা বিলাহী, বিলাহীৰ চুপ খালে ৰক্তক্ষৰণৰ প্ৰৱণতা বৃদ্ধি পায়। আৰু সেয়েহে বিলাহী পৰিহাৰ কৰা উচিত।

বৃক্কৰ সমস্যা থাকিলে বিলাহী অত্যন্ত মাৰাত্মক। বিলাহীত কেলচিয়াম অক্সালেট থাকে, যাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

Related News