NORTHEAST NOW (Assamese)
Popular Stories

১৫ আগষ্টৰ পৰা ৫০ টকা দৰত বিলাহী কিনিব পাৰিব ৰাইজে – কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 14, 2023 8:39 pm
১৫ আগষ্টৰ পৰা ৫০ টকা দৰত বিলাহী কিনিব পাৰিব ৰাইজে – কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ 

বিলাহীৰ দামে মাধমাৰ সোধাইছে সাধাৰণ ৰাইজৰ মূৰত। আজি প্ৰায় দুমাহ ধৰি বিলাহীৰ মূল্যবৃদ্ধি হৈয়েই আছে। গুৱাহাটী মহানগৰীত আজিও ১৪০ ৰ পৰা ১৬০ টকাত বিক্ৰী হৈ আছে বিলাহী।

কিন্তু ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ পৰাই পাইকাৰী বজাৰত প্ৰতি কেজিত ৫০ টকাকৈ বিক্ৰী হ’ব বিলাহী। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন (এন চি চি এফ) আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনক প্ৰতি কেজিত ৫০ টকাৰ হাৰত পাইকাৰী বজাৰত বিলাহী বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে। বিলাহীৰ মূল্য হ্ৰাস কৰাৰ বাবে গ্ৰাহক সুৰক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এনচিচিএফ আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনে দিল্লী-এনচিআৰ, ৰাজস্থানৰ জয়পুৰ আৰু কোটা, লক্ষ্ণৌ, কানপুৰ, বাৰাণসী আৰু উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ আৰু বিহাৰৰ পাটনা, মুজাফৰপুৰ, আৰাহ আৰু বাক্সাৰত বিলাহী বিক্ৰী কৰিব। 

ইতিমধ্যে এনচিচিএফে দিল্লীৰ ৭০টা স্থানত আৰু নয়ডাৰ ১৫টা স্থানত বিলাহী বিক্ৰীৰ বাবে ভ্ৰাম্যমান দোকান মুকলি কৰিছে। 

ইতিমধ্যে এনচিচিএফ আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পাইকাৰী বজাৰৰ পৰা বিলাহী ক্ৰয় কৰিছে। এই দুয়োটা সংস্থাই যৌথভাৱে ১৩ আগষ্টলৈকে ১৫ লাখ কেজি বিলাহী ক্ৰয় কৰিছে।