NORTHEAST NOW (Assamese)

ভাৰতৰ শীৰ্ষ ৫ টা ধনী মন্দিৰ, উপাৰ্জন আৰু সম্পত্তিৰ পৰিমাণ শুনি চকু কপালত উঠিব আপোনাৰ

September 21, 2023 3:59 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰত মন্দিৰৰ দেশ। ভাৰতত সমান মন্দিৰ বিশ্বৰ আন কোনো দেশতেই নাই।  হিন্দুসকলৰ অসংখ্য দেৱ-দেৱী আছে। ভাৰতৰ প্ৰতিটো মন্দিৰৰ নিজস্ব ইতিহাস আছে। সেয়েহে বহু ধৰ্মীয় অনুষ্ঠান বা মঠ-মন্দিৰ দেশৰ এক পৰ্যটন কেন্দ্ৰ গঢ় লৈ উঠিছে। 

আপুনি জানেনে যে আমাৰ দেশত ৫ টা এনেকুৱা মন্দিৰ আছে, যিকেইটা বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী মন্দিৰ হিচাপে পৰিচিত।  ভাৰতৰ শীৰ্ষ ৫ চহকী মন্দিৰ কোনকেইটা? এই মন্দিৰসমূহৰ বাৰ্ষিক আয় কিমান? সবিশেষ জানো আহক

শ্ৰীপদ্মনাভস্বামী মন্দিৰ : কেৰালাৰ তিৰুৱনন্তপুৰমত অৱস্থিত শ্ৰী পদ্মনাভস্বামী মন্দিৰ পৰিদৰ্শন কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক তথা তীৰ্থযাত্ৰী আহে। এসময়ত এই মন্দিৰত মাটিৰ তলত যথেষ্ট ধন-সম্পত্তি পোৱা গৈছিল। এইদৰে মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিল প্ৰায় এক হাজাৰ কোটি মূল্যৰ হীৰা। তেতিয়াৰ পৰা এই মন্দিৰটো বিশ্বৰ আটাইতকৈ চহকী হিন্দু মন্দিৰ হিচাপে পৰিচিত। এই মন্দিৰৰ ধন-সম্পত্তিৰ ভিতৰত হীৰা, সোণৰ অলংকাৰ আৰু সোণেৰে নিৰ্মিত মূৰ্তি আদি আছে। খবৰ অনুসৰি এই মন্দিৰত প্ৰায় ২০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি আছে। এই মন্দিৰত থকা মূৰ্তিটোৰ আনুমানিক মূল্য প্ৰায় ৫০০ কোটি টকা।

তিৰুমালা তিৰুপতি ভেংকটেশ্বৰ মন্দিৰ : জনশ্ৰুতি অনুসৰি এসময়ত ভগৱান বালাজীয়ে এই মন্দিৰত বাস কৰিছিল। অৱশ্যে ধৰ্মীয় বিশ্বাস অনুসৰি এই মন্দিৰৰ পূজ্য দেৱতা হৈছে ভগৱান বিষ্ণু। বিশ্বাস কৰা হয় যে এই মন্দিৰত ভগৱান শ্ৰীভেংকটেশ্বৰ আৰু তেওঁৰ পত্নী পদ্মৱতীয়ে বাস কৰে। এই মন্দিৰলৈ প্ৰতি বছৰে ভক্তসকলে ৬৫০ কোটি টকাৰ অনুদান আগবঢ়ায়। এই মন্দিৰত ৯ টন সোণ আৰু ১৪ হাজাৰ কোটি এফ ডি আছে।

শিৰদী সাই বাবা মন্দিৰ : দেশৰ তৃতীয় চহকী মন্দিৰটো হৈছে আজীৱন দৰিদ্ৰ জীৱন কটোৱা সন্ত শ্ৰী সাই বাবাৰ প্ৰতি উৎসৰ্গিত। জীৱন কালত সাইবাবাই ফকীৰ হিচাপে জীৱন নিৰ্বাহ কৰিছিল আৰু ভিক্ষা কৰি দৈনন্দিন জীৱন নিৰ্বাহ কৰিছিল। বৰ্তমান এই মন্দিৰৰ বাৰ্ষিক আয় ৯০০ কোটি। শেহতীয়াকৈ মন্দিৰ কৰ্তৃপক্ষই এই মন্দিৰ চৌহদত ৰখা চান্দা বাকচৰ পৰা নগদ ২০০ কোটি টকা উলিয়াইছিল। এই মন্দিৰৰ বেংক একাউণ্টত জমা আছে প্ৰায় ২৫০০ কোটি টকা ।সিদ্ধিবিনায়ক মন্দিৰ : মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ ভাৰতৰ অন্যতম বিখ্যাত মন্দিৰ। ভগৱান গণেশৰ প্ৰতি উৎসৰ্গিত এই বিখ্যাত হিন্দু মন্দিৰত গোটেই দিনটো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই মন্দিৰৰ দেৱাল ৩. ৭ কেজি সোণৰ পাতেৰে খটোৱা হৈছে। এই মন্দিৰটোৱে প্ৰতি বছৰে ১২৫ কোটি টকা উপাৰ্জন কৰে।

 

বৈষ্ণু দেৱী মন্দিৰ : ৫২০০ ফুট উচ্চতাত অৱস্থিত জম্মুৰ সুন্দৰ বৈষ্ণো দেৱী মন্দিৰলৈ প্ৰতি বছৰে এক কোটিতকৈ অধিক তীৰ্থযাত্ৰীৰ আগমন ঘটে।  তিৰুপতি মন্দিৰৰ পিছতে দ্বিতীয় সৰ্বাধিক দৰ্শনাৰ্থী অহা মন্দিৰ হৈছে বৈষ্ণুদেৱী মন্দিৰ। প্ৰতি বছৰে মন্দিৰটোৱে অনুদান হিচাপে ৫০০ কোটি টকা লাভ কৰে আৰু মন্দিৰটোৰ ভিতৰত ১.২ টন সোণ আছে।

Related News