লাদেন ঘনিষ্ঠকে ধৰি হুজিৰ তিনি শীৰ্ষ নেতা জালত ||ঢাকা
ঢাকা মেত্ৰ’পলিটান আৰক্ষীৰ জালত পৰিছে অ’চামা বিন লাদেন আৰু তালিবান মুৰব্বী মোল্লা ওমৰৰ ঘনিষ্ঠ আতিকুল্লা ওৰফে আছাদুল্লা ওৰফে জুলফিকৰকে ধৰি হুজিৰ তিনিজন শীৰ্ষ নেতা।
নৰ্থইষ্ট নাওক ডিএমপিৰ বিষয়াই জনোৱা মতে, তেওঁলোকৰ সন্ত্ৰাসবাদ-বিৰোধী গোটে ঢাকাৰ খিলাখেত নিকুঞ্জ-২ এলেকাত শেহতীয়াকৈ চলোৱা অভিযানত হৰকত উল জিহাদ অল ইছলামী (হুজি)ৰ সন্ত্ৰাসবাদীকেইজনক আটক কৰিছে।
“তালাচীটো অতৰ্কিত আছিল আৰু আমাৰ আবেষ্টনী আছিল নিখুঁত। সন্ত্ৰাসবাদীকেইজনৰ পলায়নৰ চেষ্টা বিনা প্ৰতিৰোধে বিফল কৰা হয়,” বিষয়াগৰাকীয়ে জনায়।
গ্ৰেপ্তাৰ হোৱা আতিকুল্লা হুজিৰ সাংগঠনিক সম্পাদক আৰু তেওঁ সন্ত্ৰাসবাদী সংগঠনটোৰ প্ৰাক্তন মুৰব্বী মুফটি আব্দুল হান্নানৰ সৈতে ঘনিষ্ঠভাৱে কাৰ্য্যকলাপ চলাইছিল।
হান্নানক বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাৰ অভিযোগত ইতিমধ্যে আটক কৰা হৈছে।
বাংলাদেশী চোৰাংচোৱাৰ সূত্ৰ মতে, ধৃত আতিকুল্লাই লাদেন আৰু ওমৰৰ সৈতে পাকিস্তানত বহুবাৰ বৈঠকত মিলিত হৈছিল।
তেওঁৰ আই এছ আই আৰু পাকিস্তানী সেনা বিষয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল।
“তেওঁ এক ‘হিউজ কেচ্চ’,” এক শীৰ্ষ চোৰাংচোৱা বিষয়াই জনাইছে।
আতিকুল্লাৰ সৈতে আটক হোৱা আন দুজন হৈছে মহম্মদ বঢ়ানুদ্দিন আৰু মহম্মদ নাজিমুদ্দিন।
আফগান জিহাদৰ পৰা ঘূৰি অহাসকলক লৈ হুজি-বাংলাদেশ গঠন হৈছিল।
লাদেনৰ নিৰ্দেশত বাংলাদেশত চৰকাৰ ওফৰাই শ্বৰিয়ত শাসন প্ৰতিষ্ঠাৰ বাবে সংগঠনটোৱে কাম কৰি আহিছে।