NORTHEAST NOW (Assamese)
অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বাক্সাত বৃহৎ জোঁৰ সমদল

Posted by: দীপক কুমাৰ পাঠক February 5, 2019 9:28 pm
Torch rally at Baksa

অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰুদ্ধে জনগোষ্ঠীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি (চি চি টি অ’ এ)ৰ আহ্বান মৰ্মে আজি সন্ধিয়া অঞ্চলটোৰ কেইবাটাও সংগঠনে বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৰ অনঠাইবাৰীত এক প্ৰতিবাদী জোঁৰ সমদল উলিয়ায়।

সমন্বয়ৰক্ষী সমিতিৰ অন্তৰ্ভুক্ত নিখিল বড়ো ছাত্র সংস্থা (এবছু)ৰ নাগ্ৰীজুলি আঞ্চলিক সমিতিৰ অন্তৰ্গত হিলালি প্ৰাথমিক সমিতি, সদৌ অসম ট্ৰাইবেল সংঘ, স্থানীয় নিখিল ৰাভা ছাত্ৰ সন্থা, বৰ্মন কছাৰী ছাত্র সন্থা, গাৰো, হাজংকে ধৰি কেইবাটাও জনজাতীয় সংগঠনৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে ভাৰত-ভুটান সীমান্তৰ অনঠাইবাৰীস্থিত ইৰাগদাও প্ৰাথমিক বিদ্যালয়ত সমবেত হৈ হাতে-হাতে জোঁৰ লৈ ‘ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া বন্ধ কৰক, বিজেপি হাতাও ট্ৰাইবেল বাঁচাও, অসম চৰকাৰ হাই হাই, মোদী চৰকাৰ হাই হাই, বিজেপি গ’বেক, আমাৰ দাবী নায্য দাবী’ আদি শ্ল’গানেৰে ৩নং দোঙৰগাঁও, বৰ্মন কছাৰী চুপা, জয়পুৰ চুপা, গাৰোবস্তি চুপা, ঠাচবাৰী চুপা, দৈমাবাৰী চুপা হৈ পুনৰ অনঠাইবাৰীস্থিত ইৰাগদাও প্ৰাথমিক বিদ্যালয়ত প্ৰতিবাদী সমদল সমাপ্ত কৰে।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া বাতিল নকৰিলে জনগোষ্ঠীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলিও হুংকাৰ দিয়ে।