NORTHEAST NOW (Assamese)
অসম

বৰপেটাত তিনিদিনত বহিঃৰাজ্যৰ পৰা উপস্থিত ২৭৭ গৰাকী লোক; কোৱাৰেণ্টাইনৰ আসনৰ সংখ্যা বৃদ্ধি

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ May 18, 2020 7:42 pm

দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলে ৰে’ল অথবা বাছ যোগে নিজ নিজ গৃহ ৰাজ্যলৈ উভতি অহাৰ অংশস্বৰূপে আজি বহিঃৰাজ্যৰ পৰা ৭৮ গৰাকী নতুন লোক বৰপেটা জিলাত উপস্থিত হয়।

নতুনকৈ অহা এই ৭৫ গৰাকী লোককে ধৰি বৰ্তমানলৈ জিলাখনত ১৫ মে’ৰ পৰা মুঠ ২৭৭ গৰাকী লোক আহি উপস্থিত হৈছে।

আনহাতে, এনেদৰে শ্ৰমিক ৰে’লৰে দৈনিক যথেষ্ট সংখ্যক লোকৰ আগমণৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলা প্ৰশাসনে জিলাখনত চাৰিটা নতুন কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰাৰ উপৰি সৰভোগৰ বৰনগৰ মহাবিদ্যালয় আৰু হাউলীৰ বি এইছ কলেজত বিচনাৰ সংখ্যা দুশখনকৈ বৃদ্ধি কৰিছে।

অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে এই কথা প্ৰকাশ কৰি জনাইছে যে, ইয়াৰ উপৰি নতুনকৈ নগাঁৱৰ বি বি কে মহাবিদ্যালয়, কয়াকুছিৰ কয়াকুছি মহাবিদ্যালয়, সৰভোগৰ জৱাহৰ নৱোদয় বিদ্যালয় আৰু বৰপেটা পলিটেকনিকত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে।

এই শিক্ষা প্ৰতিষ্ঠান কেইখনত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত মুঠ ৯২০ খন বিচনাৰ সুবিধা উপলব্ধ হ’ব।

ইতিপূৰ্বে, জিলা প্ৰশাসনে ২৪ টা কেন্দ্ৰত ৮৬০ খন আসন সাজু কৰি ৰাখিছে। ইয়াৰ উপৰি চেঙা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহ, বহৰি উচ্চ মাধ্যমিক বিদ্যালয়, চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চেঙাৰ এম কে কলেজতো কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপনৰ বাবে ব্যৱস্থা হাতত লোৱা বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে, জিলাখনলৈ অহা ২৭৭ জন লোকৰ ভিতৰত ১৮৬ জনৰে ইতিমধ্যে পৰীক্ষাৰ বাবে ছোৱাব সংগ্ৰহ কৰা হৈছে যদিও এতিয়ালৈকে ফলাফল জানিব পৰা হোৱা নায়।