NORTHEAST NOW (Assamese)
দেশ

ৰজা আহিব চিকিমলৈ : গতিকে পৰ্যটকক বৃহস্পতিবাৰে পুৱা ৬ বজাৰ ভিতৰত গেংটক এৰি যাবলৈ নিৰ্দেশ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী May 27, 2025 3:20 pm

অহা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ ৰাজধানী গেংটক ভ্ৰমণৰ কৰিব। সেয়ে ছিকিম চৰকাৰে সেইদিনা পুৱা ৬ বজাৰ ভিতৰত পৰ্যটকক গেংটক এৰি যাবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে ছিকিমে ৫০ বছৰ পূৰ্বে ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। ৰাজ্যখনৰ সোণালী জয়ন্তী উপলক্ষে অহা বৃহস্পতিবাৰে গেংটক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

সেয়েহে, ছিকিম চৰকাৰে এক নিৰ্দেশ জাৰি কৰি ২৯ মে’ত গেংটক এৰি যাবলৈ পৰিকল্পনা কৰা সকলো পৰ্যটকক পুৱা ৬ বজাৰ ভিতৰত যাত্ৰা কৰিব লাগিব বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ দিনা পাহাৰীয়া পথত যান-জঁটৰ পৰা হাত সাৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।

ছিকিম পৰ্যটন বিভাগে জাৰি কৰা গাইডলাইনত আৰু কোৱা হৈছে যে “চিকিমে ২০২৫ চনৰ ১৬ মে’ত ৰাজ্যৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিব। এই উপলক্ষে অহা ২৯ মে’ত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

গাইডলাইনত কোৱা হৈছে যে, “সেইদিনা যান-জঁট সমস্যা ৰোধ কৰিবলৈ আৰু নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাৰ বাবে পৰ্যটকসকলক ৰাতিপুৱা ৬ বজাৰ ভিতৰত গেংটক এৰি যাবলৈ কোৱা হৈছে। কিন্তু ছিকিম চৰকাৰে গেংটকৰ বাহিৰে আন পৰ্যটনস্থলীলৈ যোৱা পৰ্যটকৰ বাবে কোনো নিৰ্দেশনা জাৰি কৰা নাই।