NORTHEAST NOW (Assamese)
Popular Stories

কৃষক বিক্ষোভৰ বাবে এই পৰ্যন্ত ১৪ হাজাৰ কোটি ব্যৱসায়িক লোকচান : CAIT

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 2:18 pm
কৃষক বিক্ষোভৰ বাবে এই পৰ্যন্ত ১৪ হাজাৰ কোটি ব্যৱসায়িক লোকচান : CAIT

কৃষি আইনক কেন্দ্ৰ কৰি দিল্লীৰ সীমাত চলি থকা প্ৰতিবাদৰ সময়তেই ব্যৱসায়ী সংগঠন কনফাডেৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ চমুকৈ চি এ আই টিয়ে কৈছে যে এই আন্দোলনৰ ফলত দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ অঞ্চলত এতিয়ালৈকে প্ৰায় ১৪ হাজাৰ কোটি টকাৰ লোকচান হৈছে।

এই তথ্য প্ৰকাশ পোৱাৰ পিছতেই চি এ আই টিয়ে কৃষক নেতা আৰু কেন্দ্ৰীয় চৰকাৰক আলোচনাৰ জৰিয়তে এই বিষয়টো তৎকালীনভাৱে সমাধান কৰিবলৈ অনুৰোধ কৰিছে।

ব্যৱসায়ী সকল তথা অন্য লোকসকলৰ যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালক এই ঘটনাটোৰ অতি শীঘ্ৰে শুনানিৰ তাৰিখ নিৰ্ণয় কৰাৰো অনুৰোধ জনায়।

কৃষকৰ প্ৰতিবাদৰ ফলত ২০ শতাংশ ট্ৰাক অন্য ৰাজ্যৰ পৰা দিল্লীলৈ সামগ্ৰী কঢ়িয়াই আনিব পৰা নাই বুলি উল্লেখ কৰে চি এ আই টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ খণ্ডেলৱালে।

তেওঁ লগতে কয় যে দিল্লীলৈ প্ৰতিদিনে প্ৰায় ৫০ হাজাৰ ট্ৰাকে সামগ্ৰী কঢ়িয়াই আনে আৰু দিল্লীৰ পৰা দেশৰ অন্য প্ৰান্তলৈ প্ৰায় ৩০ হাজাৰ ট্ৰাকৰ জৰিয়তে সামগ্ৰী প্ৰেৰণ কৰা হয়।

তেওঁ আৰু কয় যে, প্ৰধানতঃ আন ৰাজ্যৰ পৰা এফএমচিজি সামগ্ৰী, দৈনিক ব্যৱহাৰ্য সামগ্ৰী, খাদ্য, ফল আৰু পাচলি, পোছাক, শুকান ফল, ইলেক্ট্ৰ’নিকছ, বৈদ্যুতিক সামগ্ৰী, ঔষধ, সামগ্ৰী নিৰ্মাণ, লো-ষ্টীল, যন্ত্ৰপাতি, হাৰ্ডৱেৰ, কাঠ আদি সামগ্ৰী প্ৰতিদিনে বৃহৎ পৰিমাণত দিল্লীলৈ আহে।