NORTHEAST NOW (Assamese)

কাথপাৰত উদযাপন পৰম্পৰাগত গৰখীয়া সবাহ

October 31, 2021 2:59 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 31, 2021 3:00 pm

শিৱসাগৰৰ কাথপাৰাত কাথপাৰাবাসীৰ উদ্যোগত আয়োজন কৰা হয় পৰম্পৰাগত গৰখীয়া সবাহ।

অসমৰ লোকাচাৰ সমূহৰ ভিতৰত অন্যতম এই গৰখীয়া সবাহ। অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে গৰখীয়া সবাহে।

গৰখীয়া সকাম বা সবাহ পতা নিয়ম কালৰ বুকুত প্ৰায় হেৰাই গৈছে যদিও শিৱসাগৰৰ কাথপাৰাবাসীয়ে ৰাইজে জীয়াই ৰাখিছে এই পৰম্পৰা।

কাথপাৰত দেওবাৰে আয়োজন কৰে গৰখীয়া সবাহৰ। কৃষিজীৱী ঠাইখনত পৰম্পৰাগত ৰীতি-নীতিৰে পাতিছে গৰখীয়া সবাহ।

গৰু তথা পশুধন সমূহ যাতে ভালে কুশলে থাকে, গৰু চৰাওতে বা পোহ পাল দিওঁতে যদি কিবা দোষ, অপৰাধ কৰিছিল সেই দোষ মৰিষণৰ কামনাৰে অতীজৰে পৰা গৰখীয়া সকাম পাতি আহিছে কাথপাৰবাসীয়ে। ব্যতিক্ৰম হোৱা নাই এইবাৰো।

এই উপলক্ষে পুৱাই ভকত বৈষ্ণৱ, গৰখীয়া সকলে প্ৰথমে ঐতিহাসিক নিত্যানন্দ থানত সেৱা কৰে। ইয়াৰ পিছতে কঠিয়ানিত নাম প্ৰসংগ কৰাৰ লগতে গায়ন-বায়ন পৰিৱেশন কৰে। মাহ প্ৰসাদৰ শৰাই আগবঢ়োৱাৰ উপৰিও গৰখীয়া লৰাই ৰন্ধা ৰাজহুৱা ভোজৰ আয়োজন কৰে।

উল্লেখ্য যে অসমীয়া লোক সংস্কৃতিৰ অভিন্ন অংগ গৰখীয়া সৱাহ বিগত ২০ বছৰ ধৰি পালন কৰি আহিছে কাথপাৰবাসীয়ে।

Related News