NORTHEAST NOW (Assamese)

অসমত কঠোৰ যান-বাহন আৰক্ষী; ট্ৰেফিক কনিষ্টবল, গৃহৰক্ষী জোৱানেও ভৰিব লগা হ’ল জৰিমনা

September 28, 2019 9:23 am · এন ই নাও নিউজ

দেশৰ লগতে অসমতো পূৰ্ণ পৰ্যায়ত ৰূপায়িত হৈছে যান-বাহন(সংশোধনী)আইন ২০১৯।

এই যান-বাহন (সংশোধনী) আইন ভংগকাৰী সাধাৰণ লোকৰ পৰা আৰক্ষী বিষয়া লৈকে কোনো সাৰি যাব নোৱাৰিব।

শুকুৰবাৰে নলবাৰীত ট্ৰেফিক পুলিচে চলোৱা এক অভিযানত যান-বাহন আইন ভংগ কৰি জৰিমনা ভৰিব লগীয়া হ’ল এজন ট্ৰেফিক কনিষ্টবল আৰু এজন গৃহৰক্ষী জোৱানে।

যান-বাহন আইন ভংগ কৰি জৰিমনা ভৰিব লগা ট্ৰেফিক কনিষ্টবল জনক যতীন দাস আৰু গৃহৰক্ষী জোৱানজনক অৰূপ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

দুয়োজন বিষয়াই নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত ৰং চাইডত বিপজ্জনকভাৱে গাড়ী চলোৱাৰ বাবে জৰিমনা ভৰিব লগীয়া হয়।

এই ক্ষেত্ৰত নলবাৰী জিলা প্ৰশাসনে কয় যে আমাৰ চকুত আইন সকলোৰে বাবে সমান। গতিকে আমি আইন ভংগকাৰী কোনো লোককে ৰেহাই নিদিওঁ।

উল্লেখযোগ্য যে ২৫ ছেপ্তেম্বৰত মহানগৰীতো পুলিচ ৰিজাৰ্ভৰ এগৰাকী আৰক্ষী বিষয়াই হেলেট নিপিন্ধাকৈ দুচকীয়া বাহন চলোৱাৰ বাবে পৰিবহণ বিষয়াই আৰক্ষী বিষয়া গৰাকীয়ে চলাই অহা দুচকীয়া বাহনখন জব্দ কৰিছিল।

Related News