NORTHEAST NOW (Assamese)

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

August 4, 2025 5:44 pm · এন ই নাও নিউজ, গুৱাহাটী

দেওবাৰে নিশা অসমৰ নাহৰকটীয়াৰ বাহধাৰীত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৰিগত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত এজন জ্যেষ্ঠ ঠিকাভিত্তিক কৰ্মী নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। এই ঘটনাই ৰিগৰ সুৰক্ষাৰ মানদণ্ড আৰু পুৰণি সঁজুলিৰ ব্যৱহাৰক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।

জানব পৰা মতে এছিয়ান ড্ৰিলটেকৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় ঘাইপথ ৪০ৰ সমীপৰ এম-১ ৰিগত সংঘটিত হয় এই দুৰ্ঘটনা। এটা বৃহৎ ড্ৰিলিং পাইপ পৰি আহত হয় ড্ৰিলিং ইনচাৰ্জ তথা হুদুৰপাৰাৰ কুৱৰীজান গাঁৱৰ বাসিন্দা কিৰণ গগৈ। টেঙাখাতৰ বাসিন্দা মোহন সোণোৱাল নামৰ আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁক দুলীয়াজানৰ অইল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শ্ৰমিক জনৰ সংকটজনক অৱস্থাৰ বাবে পিছত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

স্থানীয় বাসিন্দা আৰু শ্ৰমিকসকলে এই দুৰ্ঘটনাৰ বাবে পুৰণি আৰু বেয়াকৈ ৰক্ষণাবেক্ষণ কৰা সঁজুলিক জগৰীয়া কৰি ঠিকাদাৰে পৰিচালনা কৰা ৰিগসমূহৰ কঠোৰ সুৰক্ষা পৰীক্ষাৰ দাবী জনাইছে। দুলীয়াজানৰ বাসিন্দা এছিয়ান ড্ৰিলটেকৰ তত্বাৱধায়ক মিণ্টু শইকীয়া আৰু আছিক ৰহমানে দুৰ্ঘটনাটো নিৰীক্ষণ কৰে যদিও কোম্পানীটোৱে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

নাহৰকটিয়াৰ বিধায়ক তৰংগ গগৈয়ে সেই স্থান পৰিদৰ্শন কৰি ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰে। দুৰ্ঘটনাটোৰ তদন্তৰ লগতে তাৎক্ষণিকভাৱে গগৈৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী জনায়। ঠিকাদাৰৰ প্ৰতি অইল ইণ্ডিয়াৰ অৱহেলা আৰু পুৰণি মেচিনৰ ব্যৱহাৰকো তেওঁ সমালোচনা কৰে। জানিব পৰা মতে ইতিমধ্যে নাহৰকটীয়া আৰক্ষীয়ে দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Related News