NORTHEAST NOW (Assamese)
Popular Stories

মৰ্মান্তিক! ৰীল বনাবলৈ গৈ ৩০০ ফুট দ খাৱৈত পৰি মৃত্যু জনপ্ৰিয় ইনফ্লুৱেনচাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2024 12:28 pm

ভ্ৰমণৰ লগত জড়িত ইনফ্লুৱেনচাৰ হিচাপে ছ’চিয়েল মিডিয়াত তেওঁ জনপ্ৰিয় আছিল। তেওঁ ডেৰ-দুই লাখৰো অধিক ফ’ল’ৱাৰৰ সৈতে বিভিন্ন ভ্ৰমণৰ ফটো আৰু কাহিনী শ্বেয়াৰ কৰিছিল। সুযোগ পালে কেতিয়াবা অকলে বা বন্ধু-বান্ধৱীৰ লগত ফুৰিবলৈ ওলাই গৈছিল। আগতে ৰীল আৰু ভিডিঅ’ বনাইছিল। কিন্তু কোনে ভাবিছিলে যে সেই ৰীল বনাই থাকোঁতে মুম্বাইৰ তৰুণী অনভী কামদাৰৰ মৃত্যু হ’ব!

জানিব পৰা মতে, পেছাত চাৰ্টাৰ্ড একাউণ্টেণ্ট অনভীয়ে মঙলবাৰে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ কুম্ভ জলপ্ৰপাতত বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল। বাৰিষাৰ সময়ত এই জলপ্ৰপাতটোলৈ বহু পৰ্যটকৰ ভিৰ হয়। তালৈ গৈ অনভী জলপ্ৰপাতৰ একেবাৰে দাঁতিলৈ গৈ ৰীল এটা বনাবলৈ গ’ল। কিন্তু নিজকে চম্ভালিব নোৱাৰি অনভী পিছলি খাৱৈত পৰিল।

এই ঘটনাত বন্ধুসকলে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষী আৰু উপকূলৰক্ষী বাহিনীয়ে যুৱতীগৰাকীক খাৱৈৰ পৰা উদ্ধাৰ কৰিবলৈ আগবাঢ়ে। ৩০০ ফুটতকৈ অধিক দ খাৱৈৰ পৰা ছয় ঘণ্টীয়া প্ৰচেষ্টা চলাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক উদ্ধাৰ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পাছত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে,দুসপ্তাহমান আগতে মহাৰাষ্ট্ৰৰ লোনাভালাৰ হড়পা বানে উটুৱাই লৈ যায় একেটা পৰিয়ালৰ ৫ জন সদস্যক। ইয়াৰ পিমাছতে পুনেৰ তামিনিঘাটৰ জলপ্ৰপাতলৈ নামি যাওঁতে প্ৰচণ্ড সোঁতে উটুৱাই নিলে ৩৮ বছৰীয়া এজন ট্ৰেকাৰ।