NORTHEAST NOW (Assamese)

ডুমডুমাৰ তাৰা চাহ বাগিচাত মাক-জীয়েকক দাৰে ঘপিয়াই নৃশংস হত্যা

September 6, 2019 10:51 pm · মানস প্ৰতিম গগৈ

যোৰহাট জিলাৰ টীয়কৰ এখন চাহ বগিচাত সংঘটিত এক হত্যাকাণ্ডৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই আজি পুনৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এখন চাহ বাগিচাত সংঘটিত এক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৱাৰেন টি লিমিটেডৰ তাৰা চাহ বাগিচাৰ হাতীমাৰা লাইনত আজি নিশা ৭.৩০ বজাত মাক-জীয়েকক প্ৰতিৱেশী সোণাৰাম ভূমিজ নামৰ এজন লোকে দাৰে ঘপিয়াই হত্যা কৰে।

দাৰ ঘাপত নিহতদ্বয়ক সুমিতা ভূমিজ(৬৫) আৰু অঞ্জলি ভূমিজ(৪০) বুলি চিনাক্ত কৰা হৈছে। আনকি অভিযুক্ত সোণাৰামে মহিলাগৰাকীৰ পুতেক আকাশ ভূমিজকো (৩৫) দাৰে উপৰ্যুপৰ আক্ৰমণ কৰি আহত কৰে।

আক্ৰমণত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আকাশ ভূমিজক বাগিচাখনৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে স্থানীয় ডুমডুমা থানাৰ প্ৰভাৰী মণিমোহন কোঁচৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে।

লগতে আৰক্ষীয়ে অভিযুক্ত সোণাৰাম ভূমিজক আটক কৰি ডুমডুমা থানাত জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

স্থানীয় একাংশ লোকে ঘটনাৰ আঁৰত ডাইনীৰ দৰে কুপ্ৰথাৰ প্ৰভাৱ থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষী তদন্তৰ অন্ততহে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

Related News