NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত সহকাৰী প্ৰবক্তাৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2020 1:19 pm
Khanapara Accident Story

গুৱাহাটী মহানগৰীৰ খানাপাৰাত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত ৰুণজুন দুৱাৰা নামৰ এগৰাকী সহকাৰী প্ৰবক্তাৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।

জানিবপৰা মতে, কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ৰুণজুন দুৱাৰাই বৃহস্পতিবাৰে নিশা নিজৰ স্কুটীৰে আহি থকা অৱস্থাত এখন দ্ৰুতবেগী ট্ৰাকে তেওঁক গাড়ীৰে সৈতে মহতিয়াই নিয়ে।

এই দুৰ্ঘটনাত ৰুণজুন দুৱাৰাৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা ট্ৰাকখনে পলায়ন কৰে।

পথ দুৰ্ঘটনাৰ ফলত মৃত্যুক সাবতিবলগীয়া হোৱা ৰুণজুনে মৃত্যুৰ সময়ত স্বামীৰ সৈতে নিজৰ এবছৰীয়া সন্তানক এৰি থৈ যায়।

পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৰুণজুনে নিজৰ সন্তানক কেয়াৰটেকাৰৰ সৈতে ঘৰত থৈ খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল।

আনহাতে, শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে দুৰ্ঘটনাস্থলীত মহানগৰ যান-বাহন আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু ট্ৰাকখনৰ সন্ধানত অভিযান চলাই যদিও ট্ৰাকখন কৰায়ত্ত কৰাত ব্যৰ্থ হয়।