NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা; ছয়গৰাকী লোক আঘাতপ্ৰাপ্ত

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ November 11, 2020 7:42 pm
মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা; ছয়গৰাকী লোক আঘাতপ্ৰাপ্ত

মাৰ্ঘেৰিটাত চাইডিং ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ লগতে ছয় গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।

পথৰ ওপৰত ৰৈ থকা এখন গেছ চিলিণ্ডাৰ ভৰ্তি গাড়ীত ডিগবৈৰ পৰা মাৰ্ঘেৰিটা অভিমুখে তীব্ৰ বেগত আহি থকা এখন এ এচ ২৩ এক্স ৭৭৪৪ নম্বৰৰ মাৰুতি ইক’ বাহনে পাছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত এগৰাকী পঞ্চাশোৰ্ধৰ মহিলা থিতাতে নিহত হোৱাৰ লগতে ছয়গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।

মৃত্যু হোৱা মহিলা গৰাকী মাৰ্ঘেৰিটা তেঙা পথাৰ নিবাসী তুলু বৰুৱা (৫২)।

আহত লোক কেইগৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।