NORTHEAST NOW (Assamese)

পশ্চিম শালমৰাত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল নৈশবাছৰ চালক আৰু হেণ্ডিমেনৰ

July 12, 2019 10:45 am · এন ই নাও নিউজ
পশ্চিম শালমৰাত সংঘটিত পথ দুৰ্ঘটনা

শুকুৰবাৰে ৰাতিপুৱা ৰহাৰ পশ্চিম শালমৰাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী লোকে থিতাতে কৰুণ মৃত্যুক সাৱতিব লগা হোৱা ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।

ঘটনাৰ বিৱৰণী অনুসৰি, তিনিচুকীয়াৰ পৰা গুৱাহটী অভিমুখী নৈশ যাত্ৰীবাহী বাছ এখনৰ যান্ত্ৰিক বিজুটি ঘটাত বাছখনৰ চালক আৰু হেণ্ডিমেন গৰাকীয়ে গাড়ীখন মেৰামতি কৰি আছিল আৰু বাছখনৰ পাছফালে চকা এটা থবলৈ অহাৰ সময়তে একেদিশৰ পৰা অহা দ্ৰুতবেগী ট্ৰাক এখনে বাছখনৰ পাছফালে প্ৰচণ্ড জোৰেৰে খুন্দাত মাৰে।

ট্ৰাকখনৰ প্ৰচণ্ড খুন্দাত কাম কৰি থকা অৱস্থাত বাছখনৰ চালক আৰু হেণ্ডিমেন দুয়োগৰাকীৰ থিতাতে অকাল মৃত্যু হয়।নিহত লোক দুজন তিনিচুকীয়াৰ অৰ্বিন মিশ্ৰ আৰু পাপু চেতিয়া বুলি চিনাক্ত কৰা হয়।

আনহাতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাকখনে পলায়ন কৰে। পাছত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা লাভ কৰা খবৰ অনুসৰি সেই স্থানত উপস্থিত হয় মৃতদেহ দুটা চিকিৎসালয়লৈ নিয়াৰ দিহা কৰে আৰু দুৰ্ঘটনাগ্ৰস্ত হোৱা এ এছ-০৯-২৯৩৩ বাছখনৰ গৰাকীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে।

Related News