NORTHEAST NOW (Assamese)

শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনাত বাইক আৰোহী যুৱকৰ মৃত্যু; সংকতজনক অৱস্থান চিকিৎসাধীন এজন যুৱক

November 26, 2019 7:50 pm · পাৰ্শ্বজ্যোতি গগৈ
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱকজন

সোমবাৰে সন্ধিয়া শিৱসাগৰৰ দৰিকাপাৰৰ এন আৰ এল তেল ডিপোৰ সমীপত  এখন বাইক আৰু চেন্ট্ৰ’ গাড়ীৰ মাজত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত দুৰ্লভ হাজৰিকা নামৰ এগৰাকী যুৱকে কৰুণ মৃত্যুক সাৱতি লোৱাৰ লগতে দীপাংকৰ হাজৰিকা নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, বাইক আৰোহী দুগৰাকীয়ে দুলিয়াজানৰ পৰা শিৱসাগৰৰ দিচাংমুখৰ নিজ গৃহলৈ আহি থকা অৱস্থাত এন আৰ এল ডিপুৰ সমীপতে দুৰ্ঘটনাটো সংঘটিত হয়।

চেন্ট্ৰ’খনৰ চালক জনে অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাৰ লগতে ভুল দিশে গাড়ী চলাই আহিছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰে।

স্থানীয় লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহী দুগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও আঘাত গুৰুতৰ হোৱা বাবে দুয়োকো ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়তে নিশা প্ৰায় ৯.৩০ বজাত দুৰ্লভ হাজৰিকা(বাবলু)ৰ মৃত্যু হয়।

আনজন যুৱক দীপাংকৰ হাজৰিকা বৰ্তমানো সংকতজনক অৱস্থাত আছে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা সুৰাসক্ত চেন্ট্ৰ’ চালকজনক শিৱসাগৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আটক কৰে যদিও নিশা ৯ মান বজাত জামিনত মুকলি কৰি দিয়ে।

দুৰ্ঘটনাত মৃত্যু হোৱা দুৰ্লভ হাজৰিকা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দিচাংমুখ আঞ্চলিকৰ সক্ৰিয় সদস্য আছিল।

দুৰ্ঘটনাত মৃত্যু হোৱা দুৰ্লভ হাজৰিকা আৰু আঘাতপ্ৰাপ্ত দীপাংকৰ হাজৰিকাৰ পৰিয়ালক  ক্ষতিপূৰণ দিয়াৰ লগতে ঘটনাৰ তদন্ত বিচাৰি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ দিচাংমুখ আঞ্চলিকে শিৱসাগৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

 

Related News