গ্ৰাহকক লোভনীয় অফাৰ দি ‘ট্ৰাই’ৰ ৰোষত এয়াৰটেল, ভোডাফোন
আমাতকৈ ভাল নেটৱৰ্ক আৰু একো নাই— মোবাইল ফোনৰ কোম্পানী সমূহে প্ৰায়ে এনে দাবী কৰি আহি থকা আমি দেখিবলৈ পাওঁ।
নেটৱৰ্ক ভাল হওক বা নহওক, মোবাইল ফোনৰ কোম্পানী সমূহৰ এনে প্ৰচাৰত ভোল গৈ বহু গ্ৰাহকে বিভিন্ন মোবাইল ফোনৰ কোম্পানীয়ে আগবঢ়োৱা প্লেন গ্ৰহণ কৰি আহিছে।
শেহতীয়াকৈ ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াই নিৰ্বাচিত গ্ৰাহকৰ বাবে কেইটামান বিশেষ প্লেন মুকলি কৰি দিছে।
কেৱল নিৰ্বাচিত গ্ৰাহকৰ বাবে মুকলি কৰা এনে বিশেষ প্লেনে আন সাধাৰণ গ্ৰাহকক সেৱা লাভ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি টেলিকম ৰেগুৰেলেটৰী অথ’ৰিটী অৱ ইণ্ডিয়াই ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়ালৈ কেৱল বিশেষ গ্ৰাহকক উপকৃত কৰা তেনে প্নেন বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰি জাননী প্ৰেৰণ কৰিছে।
উল্লেখ্য ভাৰতী এয়াৰটেলে প্লেটিনাম মোবাইল গ্ৰাহকক আগবঢ়োৱা ৪৯৯ টকাৰ পোষ্ট পেইড প্লেনত দ্ৰুতবেগী নেটৱৰ্কৰ সুবিধা দিছে।
ইয়াৰ ফলত সাধাৰণ গ্ৰাহকৰ নেটৱৰ্কৰ গতি হ্ৰাস পোৱাৰ সম্ভাবনা থাকে।
ভোডাফোন আইডিয়াই আগবঢ়োৱা ৰেড এক্স প্লেনো নিৰ্বাচিত গ্ৰাহকৰ বাবে দিয়া হৈছে।
এনে দ্ৰুত বেগী প্লেনে সাধাৰণ গ্ৰাহকৰ ক্ষতি কৰে বুলি ট্ৰায়ে কৈছে।