NORTHEAST NOW (Assamese)

৬১ গৰাকী “বাংলাদেশী”ক লৈ উপস্থিত ৰে’ল, ক’লকাতাত প্ৰতিবাদ

November 23, 2019 6:30 pm · এন ই নাও নিউজ
Updated: November 23, 2019 6:41 pm
প্ৰতীকী ছবি।

বেংগালুৰুত আটক কৰা ৬১ গৰাকী “বাংলাদেশী”ক লৈ এখন ৰে’ল ক’লকাতাত শনিবাৰে উপস্থিত হৈছে।

ক’লকাতাৰ স্থানীয় সমাজ কৰ্মীয়ে হাওৰা ষ্টে’চনত ঘটনাটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু ইয়াক “অবৈধ, অমানৱীয় বিতাড়ন” বুলি অভিহিত কৰিছে।

“আমি এই ঘটনা ঘটিবলৈ নিদিওঁ,” যিকোনো সম্ভাৱ্য বিতাড়ন বন্ধ কৰোৱাবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই এজন এক্টিভিষ্টে কয়।

মূলতঃ দিন হাজিৰা কৰা শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াল এই “বাংলাদেশীসকল”ক চুবুৰীয়া দেশখনলৈ বিতাড়ন কৰা হ’ব নে ডিটেনচন কেম্পত বন্দী কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

কিন্তু এটা সূত্ৰমতে, “বাংলাদেশীসকল”ক পেত্ৰাপ’ল-বেনাপ’ল সীমাৰ ফালে লৈ যোৱা হৈছে।

বিষয়টোক লৈ ৰাজ্যিক আৰক্ষী আৰু বি এছ এফ উভয়ে মুখ খোলা নাই।

বেংগালুৰুত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যোৱা মাহত চলা এক বিশেষ অভিযানত এই “বাংলাদেশীসকল”ক আটক কৰা হৈছিল।

দুয়ো দেশৰ মাজৰ প্ৰথমখন পিংক বল টেষ্ট ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানত বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা আৰু পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰদৰ্শন কৰা বিৰাট বন্ধুত্বৰ নিদৰ্শনৰ এদিন পিছতে এই “বাংলাদেশীসকল”ক ক’লকাতালৈ অনা হৈছে, দেখ দেখ অৰ্থত বিতাড়নৰ বাবে।

তাৎপৰ্য্যপূৰ্ণভাৱে, নিমন্ত্ৰণ সত্ত্বেও প্ৰধান মন্ত্ৰী মোদী বা গৃহ মন্ত্ৰী অমিত শ্বাহ কোনো এগৰাকীয়ে অনুষ্ঠানটোলৈ অহা নাছিল।

“বাংলাদেশীসকল” খুব দুঃশ্চিন্তাত আছে, আৰু তেওঁলোকক বাংলাদেশলৈ বিতাড়ন কৰা হ’বনে বন্দী কৰা হ’ব জনাবলৈ আৰক্ষীৰ লোকসকলক বাৰে বাৰে খাটনি জুৰি আছে।

আৰক্ষীয়ে কোনো উত্তৰ দিয়া নাই।

বাংলাদেশ উপ উচ্চায়ুক্তৰ এগৰাকী মুখপাত্ৰই নৰ্থইষ্ট নাওক জনোৱামতে, এই “বাংলাদেশীসকল” সন্দৰ্ভত তেওঁলোকক ভাৰতীয় পক্ষই একো জনোৱা নাই।

তেওঁকয় ভাৰতীয় কৰ্তৃপক্ষসমূহে হয়তো বিতাড়ন সন্দৰ্ভত বি জি বি (Border Guards Bangladesh)ৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিছে।

Related News