NORTHEAST NOW (Assamese)
অসম

মহিলাক গো-পালন, জৈৱিক সাৰ প্ৰস্তুতেৰে স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ April 2, 2022 2:02 pm

বৰপেটা জিলা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্ঠিত হোৱা গো-পালন আৰু জৈৱিক সাৰৰ এটি প্ৰশিক্ষণ কাৰ্যসূচী আজি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।

বৰপেটাৰ ৰাইনো ক্লাব চৌহদত থকা প্ৰতিষ্ঠানটোৰ কাৰ্যালয় চৌহদত আয়োজিত অনুষ্ঠানটিত দিয়া  ভাষণত তেওঁ কয় যে, গো-পালন আৰু জৈৱিক সাৰেৰে আমাৰ পৰিয়ালৰ লগতে দেশৰ অৰ্থনৈতিক উন্নয়নৰ যথেষ্ট সম্ভাৱনা আৰু গুৰুত্বপূৰ্ণ ভূমিকা আছে।

বিশেষকৈ মহিলা সকলে এনে কৰ্মক নিজকে আৰ্থিক তথা সামাজিকভাৱে সবল কৰাৰ বাবে গুৰুত্বপূৰ্ণ আহিলা হিচাপে গ্ৰহণ কৰিব পাৰে।

উদ্বোধনী সভাত গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰৱন্ধক সুমিত প্ৰসাদ দাস, গ্ৰামীণ স্ব-নিয়োজন প্ৰতিষ্ঠানৰ সঞ্চালক ৰঞ্জিৎ কুমাৰ তালুকদাৰ আৰু সমাজ কৰ্মী নৃপেন দাসেও ভাষণ দিয়ে।

প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ প্ৰশিক্ষক নৱ কুমাৰ দাসে আতঁধৰা সভাখনত আন এগৰাকী প্ৰশিক্ষক দিপ্তীৰাণী দাসো উপস্থিত থাকে।

উল্লেখযোগ্য যে ১০ দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত অবিভক্ত জিলাখনৰ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

তেওঁলোকক দুটা গোটত ভাগ কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।