NORTHEAST NOW (Assamese)

অচিৰেই বাংলাদেশ হৈ কলকাতাৰ পৰা অসমলৈ চলিব ৰে’ল

September 22, 2019 9:23 am · এন ই নাও নিউজ
বাংলাদেশৰ ৰে’ল মন্ত্ৰী মহম্মদ নুৰুল ইছলাম ছুজান আৰু ভাৰতীয় উচ্চায়ুক্ত ৰিভা গাংগুলী দাসে শনিবাৰে যৌথভাৱে চিলাহাটিত ৰে’লৱে ট্ৰেক নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। ফটো: টুইটাৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে  অসমত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ মাজতে অচিৰেই বাংলাদেশ হৈ কলকাতাৰ পৰা অসমলৈ ৰে’ল চলিব।

বাংলাদেশৰ ৰে’ল মন্ত্ৰী মহম্মদ নুৰুল ইছলাম ছুজান আৰু ভাৰতীয় উচ্চায়ুক্ত ৰিভা গাংগুলী দাসে শনিবাৰে যৌথভাৱে চিলাহাটিত ৰে’লৱে ট্ৰেক নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

চিলাহাটি আৰু হালদিবাৰীৰ মাজত ৰে’লৱে ট্ৰেক নিৰ্মাণৰ এটা প্ৰস্তাৱ বহুদিন ধৰি পৰি আছিল আৰু এইটো ২০১১চনৰ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত ঘোষণা কৰা হৈছিল।

বিষয়াসকলে কয় যে ৭.৫ কিলোমিটাৰ দীঘল ৰে’লৱে ট্ৰেকটোৱে বাংলাদেশ হৈ পশ্চিমবংগৰ পৰা অসমলৈ সংযোগ আগবঢ়োৱাৰ আশা কৰা হৈছে।

তেওঁলোকে কয় যে অনুপ্ৰৱেশ আৰু শুল্ক বিভাগৰ চকী নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে।

শেহতীয়া এই পৰিকল্পনা ৰূপায়নৰ কৰা হৈছে এনে এক সময়ত  যেতিয়া অসম চৰকাৰে অলপতে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) উন্নীত কৰিছে য’ত তালিকাৰ পৰা ১৯ লাখতকৈয়ো অধিক লোকৰ নাম বাদ পৰিছে।

উল্লেখযোগ্য যে ব্ৰিটিছৰ শাসনৰ সময়ত চিলাহাটি আৰু হালদিবাৰীৰ মাজত ৰে’লৱে ট্ৰেক এটা আছিল।

১৯৬৫ চনলৈকে পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)ৰ পৰা শিলিগুৰি হৈ দাৰ্জিলিঙলৈ ৰে’ল চলাচল কৰিছিল।

অৱশ্যে, ১৯৬৫ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ পাছত যোগাযোগ বন্ধ হৈ পৰিছিল।

ভাৰতীয় ৰে’লৱেই ইতিমধ্যে হালদিবাৰী ষ্টেশ্যনলৈকে আন্তৰ্জাতিক সীমান্তলৈ ট্ৰেকটো পুনৰ কাৰ্যক্ষম কৰি তুলিছে।

Related News