NORTHEAST NOW (Assamese)

চৰকাৰী বিষয়া আৰু কাৰ্য্যালয়ত ইলেক্ট্ৰিক বাহন বাধ্যতামূলক কৰিব লাগে : নিতিন গাডকাৰী

February 19, 2021 5:56 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে সকলো ধৰণৰ চৰকাৰী বিষয়া, মন্ত্ৰী আৰু কাৰ্য্যালয়ত ইলেক্ট্ৰিক বাহন বাধ্যতামূলক কৰিব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

এইক্ষেত্ৰত ইলেক্ট্ৰিক বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ সাহায্য প্ৰদান কৰাৰো ব্যৱস্থা কৰিব লাগে বুলি গাডকাৰীয়ে লগতে কয়।

গাডকাৰীয়ে দিল্লীত ১০,০০০ ইলেক্ট্ৰিক বাহন ব্যৱহাৰ কৰিলে প্ৰতিমাহে প্ৰায় ৩০ কোটি টকাৰ ৰাহি হ’ব বুলিও উল্লেখ কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে দেশত পেট্ৰ’ল-ডিজেলৰ বৰ্দ্ধিত মূল্যবৃদ্ধি সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত নিতিন গাডকাৰীয়ে দেশে বিকল্প ইন্ধনৰ কথা চিন্তা-চৰ্চাৰ সময় আহি পৰিছে বুলি কৈছিল।

গাডকাৰীয়ে ইলেক্ট্ৰিক বাহন, সৌৰ শক্তি চালিত বাহনৰ লগতে বিকল্প ইন্ধন চালিত বাহনৰ প্ৰচলনত সদায় গুৰুত্ব আৰোপ কৰি আহিছে বুলিও কয়।

বৰ্তমান সময়ত বহু সংখ্যক ৰাজ্যই কিছু পৰিমাণে ইলেক্ট্ৰিক বাছৰ চলাচল আৰম্ভ কৰিছে।

Related News