NORTHEAST NOW (Assamese)

নিশা আন্ত: ৰাজ্যিক বাছ আস্থানত উপস্থিত হ’ল পৰিবহন মন্ত্ৰী: স্বীকাৰ কৰিলে বিভাগীয় ব্যৰ্থতা

July 17, 2022 12:19 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

গুৱাহটীৰ আন্ত: ৰাজ্যিক বাছ আস্থান, চমুকৈ ISBT ত যোৱা নিশা ছাডেন ভিজিট দিলে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। তন্ন-তন্নকৈ স্ব-চক্ষুৱে পৰিদৰ্শন কৰিলে ISBT ৰ প্ৰতিটো স্থান।

আনকি বাছ আস্থানৰ প্ৰসাৱগাৰ আৰু শৌচলায়ো পৰিদৰ্শন কৰে শুক্লবৈদ্যই।

ISBT ত লেতেৰা কদৰ্যময় পৰিবেশে বিৰাজ কৰিছে বুলি অকপটভাৱে স্বীকাৰ কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে যাত্ৰীক নিৰাপত্তা দিয়াত পৰিবহন বিভাগ ব্যৰ্থ হৈছে বুলিও স্বীকাৰ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

আনহাতে বাছ আস্থানত থকা যাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰি ভ্ৰমণৰ সময়ত মহিলা তথা যাত্ৰী সকলক নিশা নিচিন্ত মনে শুই যাত্ৰা কৰিবলৈ আশ্বাস দিয়ে।

ইফালে মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনতে পোহৰলৈ আহে আস্থানত থকা পানীৰ টেপত গছ গজা আৰু বাথৰুম তথা শৌচাগাৰত তলা লগাই থোৱাৰ কথা।

ইফালে দ্বায়িত্বত উপস্থিত নথকা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলিও পৰিবহন মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।

উল্লেখ্য যে ISBT কাৰ্যালয়ত আছে ২৪০ গৰাকীতকৈও অধিক বিষয়া-কৰ্মচাৰী। কিন্তু নিশা মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত কৰ্তব্যত মাত্ৰ এজন কৰ্মচাৰীহে উপস্থিত আছিল।

এইদৰে অনিয়মীয়া উপস্থিতিৰ বাবে দুই-এদিনৰ ভিতৰতে ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

লগতে বাছ আস্থানত পৰিতক্ত অথবা বেয়া হৈ থকা বাহন সমূহৰো ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। তাৰ বাবে প্ৰায় ৮ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Related News