সাংসদ নৱ কুমাৰ শৰণীয়াক তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ; কি ক’লে সাংসদগৰাকীয়ে?
কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াক তৃমমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ দিয়া হৈছে। কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি।
বিধানসভা নিৰ্বাচনত তিনিটাকৈ কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা তৃণমূল কংগ্ৰেছে সম্প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোক প্ৰতিষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰিছে।
বাতৰি অনুসৰি, তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বন্দোপাধ্যায়ে কৈছিল যে এইবাৰ কোনো ৰাজ্যত তৃণমূলে ইয়াৰ শাখা গঠন কৰিলে কেবল তিনি চাৰিজন বিধায়ক জয়ী কৰাই লক্ষ্য নহ’ব, ৰাজ্যখনৰ ক্ষমতা দখল কৰাই হ’ব লক্ষ্য।
সেই মতে পশ্চিমবংগত পুনৰ চৰকাৰ গঠনৰ পাছত এতিয়া বিভিন্ন ৰাজ্যত তৃণমূলৰ সাংগঠনিক ভেটি গঢ়াৰ পৰিকল্পনা আৰম্ভ কৰিছে দলটোৱে।
দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত বিশেষকৈ ত্ৰিপুৰা আৰু অসমত তৃণমূল কংগ্ৰেছে দলটোক প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈছে। সেই অনুসৰিয়েই কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদগৰাকীক প্ৰস্তাৱ দিয়া হৈছে।
সাংসদ নৱ কুমাৰ শৰণীয়া বৰ্তমান দিল্লীত আছে আৰু তাতেই তৃণমূলৰ সাংসদকেইগৰাকীৰ সৈতে আলোচনা হোৱাৰ কথা। শৰণীয়াই এই সম্পৰ্কত প্ৰাথমিকভাৱে কথা পতা বুলি জানিবলৈ দিয়ে।
আনহাতে অহা ২৬ জুলাইত দিল্লীলৈ যাবলগীয়া মমতা বেনাৰ্জীৰ সৈতেও বিষয়টো লৈ চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে।