NORTHEAST NOW (Assamese)

কোভিডৰ ভুৱা ভেকচিন লৈ গুৰুতৰ ভাবে অসুস্থ অভিনেত্ৰী তথা সাংসদ মিমি চক্ৰৱৰ্তী

June 26, 2021 8:10 pm · এন ই নাও নিউজ
Updated: June 26, 2021 8:15 pm

ভুৱা কোভিড ভেকচিন লৈ গুৰুতৰ ভাবে অসুস্থ অভিনেত্ৰী তথা সাংসদ মিমি চক্ৰৱৰ্তী।

ৰোগকলৈও যে কিছুমানে মাৰাত্মক খেল খেলিব পাৰে তাৰ শেহতীয়া প্ৰমাণ পোৱা গৈছে পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত।

দেশত কোভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি থকাৰ সময়তে একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ লোকে ধন ঘটাৰ সহজ উপায় হিচাবে কোভিডৰ বুৱা ভেকচিন প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।

এইসকল লোকৰ জালত কেৱল সাধাৰণ মানুহেই পৰা নাই, খোদ লোকসভাৰ সাংসদৰ দৰে ব্যক্তিও এনেলোকৰ জালত পৰিছে।

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ মিমি চক্ৰৱৰ্তীয়েও চাৰিদিন পূৰ্বে দেৱাঞ্জন দেৱ নামৰ লোক জনে অনুষ্ঠিত কৰা কোভিড ভেকচিন প্ৰদান কেন্দ্ৰত কোভিডৰ ভেকচিন লৈছিল।

নিজকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাবে পৰিচয় দিয়া দেৱাঞ্জন দেৱ দৰাচলতে এজন প্ৰতাৰকহে।

কোভিডৰ ভুৱা ভেকচিন প্ৰদান কৰি তেওঁ সৰকাইছে কোটিৰ ঘৰত টকা। লোক জনে পতা কেন্দ্ৰতে সাংসদ মিমি চক্ৰৱৰ্তীয়ে কোভিডৰ ভুৱা ভেকচিন গ্ৰহণ কৰাৰ পিছৰে পৰা লাহে লাহে অসুস্থ হৈ পৰিবলৈ ধৰে।

আজি সন্ধিয়াৰ ভাগত তীব্ৰ পেটৰ বিষ আৰু পেটৰ অসুখত ভোগা সাংসদগৰাকীক চিকিৎসকৰ কাষলৈ নিব লগীয়া হয়।

চিকিৎসকে সাংসদগৰাকী বৰ্তমান বিপদমুক্ত বুলি ঘোষণা কৰিছে। ইপিনে কোভিডৰ ভুৱা ভেকচিন প্ৰদান কৰা দেৱাঞ্জন দেৱ নামৰ লোক জনৰ লগতে আন দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

মুম্বাইতো কোভিডৰ ভেকচিনৰ নামত চেলাইন পানীৰ বেজী দি অহা এটা চক্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Related News