NORTHEAST NOW (Assamese)

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিনেত্ৰী তথা তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষক

November 21, 2021 8:58 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 21, 2021 9:04 pm

হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত আজি ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বংগৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষক।

তৃণমূল কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা মতে তথা তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষ থকা হোটেল খনলৈ আজি ত্ৰিপুৰা আৰক্ষীৰ এটা দল যায় আৰু নেত্ৰীগৰাকীক কিছু কথা সুধিবলগীয়া আছে বুলি থানালৈ লৈ আহে।

ইয়াৰ পিছতে ছায়নী ঘোষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি ঘোষণা কৰে। পশ্চিম ত্ৰিপুৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিজে ৰেড্ডীয়ে প্ৰকাশ কৰা মতে ছায়নী ঘোষৰ বিৰুদ্ধে গাড়ীৰে মহতিয়াই বিজেপি কৰ্মীক হত্যা কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ আছে।

সেই অভিযোগৰ ভিত্তিতে ছায়নীৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৭, ১৫৩ ধাৰাত গোচৰ ৰুজু কৰিব বুলি ৰেড্ডীয়ে প্ৰকাশ কৰে।

উল্লেখ্য শনিবাৰে তথা তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষে বিজেপিৰ এখন জনসভাৰ কাষেৰে গাড়ীৰে গৈ আছিল।

জনসভা খনত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ উপস্থিত আছিল। ছায়নীক বহুতে চিনি পোৱাৰ পিছতে তেওঁ ‘এইবাৰ খেলা হ’ব’ বুলি কৈছিল।

ইয়াৰ পিছতে ছায়নীৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰে বিজেপিৰ নেতা-কৰ্মীসকল।

বিজেপিৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ছায়নীক গ্ৰেপ্তাৰ কৰে।

নেত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পিছতে তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে ত্ৰিপুৰালৈ আহিবলৈ সাজু হয় যদিও ত্ৰিপুৰাৰ চৰকাৰে তেওঁক ৰাজ্য খনত অৱতৰণ কৰাত বাধা দিয়ে।

তৃণমূল কংগ্ৰেছে অভিযোগ কৰা অনুসৰি আজিও ৰাজ্য খনত হেলমেট পৰিধান কৰি অহা ২০-২৫ জনীয়া বিজেপি কৰ্মীৰ দলে তৃণমূল কংগ্ৰেছৰ কৰ্মীক আক্ৰমণ কৰে।

বিজেপিয়ে অৱশ্যে তৃণমূল কংগ্ৰেছৰ এনে অভিযোগ অস্বীকাৰ কৰি কৈছে যে তৃণমূলৰ নেতাসকলক এতিয়া ত্ৰিপুৰাবাসীয়ে সহ্য কৰিব নোৱাৰা হৈ পৰিছে।

Related News