NORTHEAST NOW (Assamese)

ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল কাঠমাণ্ডু; ৪জন নিহত

May 27, 2019 11:07 am · এন ই নাও নিউজ
Updated: May 27, 2019 11:10 am
ফটোৰ উৎস : বি বি চি নিউজ

তিনিটাকৈ ভয়ংকৰ বিস্ফোৰণে দেওবাৰে কঁপাই গ’ল নেপালৰ ৰাজধানী চহৰ কাঠমাণ্ডু। বিস্ফোৰণত ৪জনকৈ লোকে প্ৰাণ হেৰোৱাৰ লগতে আন ৭জন গুৰুতৰভাৱে আহত হয়।

কাঠমাণ্ডুৰ ঘাট্টেকুল’, ছুকেধাৰা আৰু থানকোত এলাকত উক্ত বিস্ফোৰণ কেইটা সংঘটিত হয়।

express.co.ukত প্ৰকাশিত বাতৰি মতে কোনো সংগঠনে এতিয়ালৈকে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আৰক্ষীয়ে মাওবাদী বিদ্ৰোহী গোটৰ পৰা আঁতৰি অহা এটা দল ইয়াৰ আঁৰত জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। বাতৰিটোৰ মতে ‘গোটটোৱে নেপাল চৰকাৰে তেওঁলোকৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰি আহিছে।’

শ্যাম লাল গ্যাৱালি নামৰ এজন আৰক্ষী বিষয়াৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হয়, ‘প্ৰথমটো বিস্ফোৰণৰ স্থলীত গোটটোৰ এখন প্ৰচাৰ পত্ৰ উদ্ধাৰ কৰা হৈছে।‘

উল্লেখযোগ্য যে ধাৰাবাহিৰ বিস্ফোৰণ লানীৰ ঘাট্টেকুল’ত সংঘটিত প্ৰথমটো বিস্ফোৰণত ১জন লোকে প্ৰাণ হেৰোৱাৰ বিপৰীতে ছুকেধাৰাৰ বিস্ফোৰণত ৩ জন লোক নিহত হয়।

Related News