NORTHEAST NOW (Assamese)

পঞ্জাৱী আৰু জাট সম্পৰ্কে কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে

July 22, 2020 9:07 am · এন ই নাও নিউজ
ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ দেব।

পঞ্জাৱী আৰু জাট সম্প্ৰদায় সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত মঙলবাৰে ক্ষমা বিচাৰে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে।

মঙলবাৰে এটা টুইট যোগে মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, যদিহে কোনোবা লোকক মোৰ মন্তব্যই মানসিকভাৱে আঘাত দিছে তেন্তে মই মোৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছো।

বিগত দেওবাৰে আগৰতলা প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে পঞ্জাৱী আৰু জাট সকলৰ যদিও বুদ্ধি কম তেওঁলোক শক্তিশালী বুলি মন্তব্য কৰিছিল।

বিপ্লৱ কুমাৰ দেৱৰ মন্তব্যৰ পাছতে ত্ৰিপুৰাৰ ৰাজনৈতিক দল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংগঠনে মুখ্য মন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰিছিল।

মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা মাৰ্জনা বিচাৰি ভাৰতৰ একতাৰ বাবে সকলো সংস্কৃতি আৰু জনগোষ্ঠীক শ্ৰদ্ধা জনাই আহিছে বুলি লগতে কয়।

তেওঁ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনত পঞ্জাৱী আৰু জাট সকলে আগবঢ়োৱা অৱদান সম্পৰ্কেও মত ব্যক্ত কৰে আৰু দুয়োটা সম্প্ৰদায়ৰ লোকৰ সৈতে তেওঁৰ বন্ধুত্ব আছে বুলি কয়।

Related News