NORTHEAST NOW (Assamese)

কোভিডত আক্ৰান্ত হ’ল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

April 7, 2021 12:59 pm · এন ই নাও নিউজ

দেশ জুৰি এতিয়া কোভিডে আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে।

এনে সময়তে কোভিডত আক্ৰান্ত হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই আজি এই কথা ৰাজহুৱা কৰিছে। কোভ্‌ডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে নিজৰ ঘৰতে কোৱাৰেণ্টাইনত থকা বুলি প্ৰকাশ কৰিছে।

টুইটাৰত মুখ্যমন্ত্ৰী দেৱে এইবুলি প্ৰকাশ কৰিছে—মই কোভিড পজিটিভ হৈছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি মই ঘৰতে নিজকে আনৰ পৰা নিলগাই ৰাখিছো।সকলোৱে কোভিডৰ প্ৰ’টোকল মানি সুৰক্ষিত হৈ থাকক।

উল্লেখ্য দেশত এতিয়া কোভিডৰ দ্ৰুত সংক্ৰমণ ঘটিবলৈ ধৰিছে। বিগত ২৪ ঘণ্টাত দেশত ১ লাখৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে।

২৪ ঘণ্টাত দেশত কোভিডে প্ৰাণ কাঢ়ি নিছে ৬৩০  গৰাকী ব্যক্তিৰ।

নিটি আয়োগৰ সদস্য(স্বাস্থ্য) ডাঃ ভিকে পলে কৈছে যে দেশৰ অতিমাৰীৰ ছবি খন পূৰ্বতকৈ অধিক বেয়াৰ দিশলৈ গতি কৰিছে।

দিল্লী, বিহাৰ, মহাৰাষ্ট্ৰকে ধৰি দেশৰ কেইবা খনো ৰাজ্যই কোভিডৰ মহাসংক্ৰমণ ৰোধ কৰিবলৈ নানান ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ৮ এপ্ৰিলৰ দিনা দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে কোভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ এখন বৈঠৈকৰ আহ্বান জনাইছে।

Related News