NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত কোভিড-১৯ প’জিটিভ মহিলাই প্ৰসৱ কৰিলে সন্তান

July 23, 2020 2:46 pm · এন ই নাও নিউজ

ত্ৰিপুৰাৰ আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত বুধবাৰে নিশা এগৰাকী কোভিড-১৯ আক্ৰান্ত মহিলাই এটি শিশু সন্তান জন্ম দিয়ে।

চিকিৎসকে জানিবলৈ দিয়া মতে, মাতৃগৰাকী আৰু নৱজাতক শিশুটো সম্পুৰ্ণৰূপে সুস্থ হৈ আছে।

বিগত কিছুদিন পূৰ্বৰে পৰা গৰ্ভৱতী মহিলা গৰাকীক ভগৎ সিং যুৱ আৱাস কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।

গৰ্ভৱতী মহিলা গৰাকী কোভিড-১৯ত আক্ৰান্ত হোৱা বাবে তেওঁৰ চিকিৎসা কেন্দ্ৰটোত অকলে আছিল আৰু তেওঁৰ ওছৰত কোনো পৰিয়ালৰ লোক উপস্থিত নাছিল।

গৰ্ভৱতী মহিলা গৰাকীৰ প্ৰসৱ বেদনা বেছি হোৱা বাবে তেওঁৰ চিকিৎসাৰ বাবে আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়।

বুধবাৰে নিশা চিকিৎসা মহাবিদ্যালয় হাস্পাতালতে চিকিৎসক আৰু নাৰ্চ সকলৰ প্ৰচেষ্টা আৰু সহযোগিতাত মহিলা গৰাকীয়ে সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, ত্ৰিপুৰাতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

উত্তৰ-পূবত অসমৰ পাছতে ত্ৰিপুৰাত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

Related News