NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মোদীৰ সভা বৰ্জন ত্ৰিপুৰাৰ সকলো সাংসদৰ

Posted by: এন ই নাও নিউজ February 8, 2019 4:23 pm
Narendra-MODI, dark triad, personality worship and alternative

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উত্তৰ-পূব ভ্ৰমণত অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্য্যসূচী বৰ্জন কৰিছে ত্ৰিপুৰাৰ আটাইকেইগৰাকী সাংসদে।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদস্বৰূপে ৯ ফেব্ৰুৱাৰিত আগৰতলাত হ’ব লগা প্ৰধান মন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত লৈছে সাংসদ কেইগৰাকীয়ে।

“মোদী চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ২০১৬ৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে আৰু বিধেয়ক গৃ্হীতকৰণৰ বিৰুদ্ধে গঢ় লৈ উঠা সংঘবদ্ধ আৰু স্বতঃস্ফূৰ্ত আন্দোলনৰ প্ৰতি সহমৰ্মিতাৰে আমি সচেতনভাৱে প্ৰধান মন্ত্ৰীৰ অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,” সাংসদ ঝৰ্ণা দাস বৈদ্য, জিতেন্দ্ৰ চৌধুৰী আৰু শংকৰ প্ৰসাদ দত্তৰ যৌথ বিবৃতিত প্ৰকাশ।

সমগ্ৰ দেশ বিশেষকৈ উত্তৰ-পূববাসীৰ আৱেগ আৰু আশংকাৰ প্ৰতি সন্মান জনাই বিধেয়কখন শীঘ্ৰে বাতিল কৰাৰ দাবী জনাইছে চি পি আই (এম) সাংসদকেইগৰাকীয়ে।

তেওঁলোকে বিধেয়কখনক দেশৰ “সংবিধানৰ আত্মাৰ বিৰোধী” বুলিও মন্তব্য কৰিছে।

বৈদ্য ৰাজ্যসভাৰ সাংসদ। চৌধুৰী আৰু দত্ত ক্ৰমে ত্ৰিপুৰা পূব আৰু পশ্চিম সমষ্টিৰ লোকসভা সাংসদ।

আনহাতে প্ৰধান মন্ত্ৰীয়ে ত্ৰিপুৰাত মুকলি কৰিব লগা প্ৰকল্পকেইটা চি পি আই (এম) নেতৃত্বাধীন পূৰ্বৰ বাওঁফ্ৰণ্ট চৰকাৰৰ “চেষ্টা”ৰ ফলশ্ৰুতি বুলি সাংসদকেইগৰাকীয়ে অভিহিত কৰিছে।