NORTHEAST NOW (Assamese)

ক’ৰ’ণালৈ ভয় চিকিৎসকৰ! ত্ৰিপুৰাত চিকিৎসালয়ৰ বাহিৰতে সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে

August 21, 2020 3:38 pm · এন ই নাও নিউজ
Updated: August 21, 2020 3:41 pm

ত্ৰিপুৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা।

ৰাজ্য খনৰ এগৰাকী প্ৰসূতিক চিকিৎসালয়ৰ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰাৰ সলনি বলপূৰ্বক চিকিৎসালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ঘটনাই এতিয়া সকলো হৃদয়বান লোকৰে অন্তৰ জোকাৰি গৈছে।

চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত মহিলা গৰাকীয়ে চিকিৎসালয়ৰ বাহিৰতে সন্তান প্ৰসৱ কৰিবলগীয়া হয়।

ঘটনাটো বৃহস্পতিবাৰৰ নিশাৰ। ত্ৰিপুৰাৰ আই জি এম চিকিৎসালয়লৈ অনা হৈছিল এগৰাকী প্ৰসূতিক।

প্ৰসৱ বেদনাত চটফটাই থকা মহিলা গৰাকীক ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ পিছতে তেওং কোভিডত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়।

ইয়াৰ পিছতে চিকিৎসকে মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিব পৰা নাযাব বুলি পৰিয়ালৰ লোকক কয়।

মহিলা গৰাকীৰ পৰিয়ালৰ লোকে বহু অনুৰোধ কৰাৰ পিছতো কেৱল মাত্ৰ কোভিডত আক্ৰান্ত হোৱাৰ বাবেই মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিব পৰা নাযাব বুলি চিকিৎসকে জনাই দিয়ে।

ইয়াৰ পিছতে নিৰুপায় হৈ পৰা প্ৰসূতিৰ পৰিয়ালে মহিলা গৰাকীক আন এখন চিকিৎসালয়লৈ নিয়াৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰি থাকোতেই মহিলা গৰাকীয়ে চিকিৎসালয়ৰ বাহিৰতে নিশা ১.৩০ বজাত এটি সন্তান প্ৰসৱ কৰে।

ঘটনাটোক লৈ চিকিৎসালয় খনৰ আন ৰোগীৰ অভিভাৱক সকলে হূলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত উপায়বিহীন হৈ চিকিৎসালয়ৰ কেইজনমান কৰ্মীয়ে পিপিই কিট পিন্ধি প্ৰসূতি গৰাকীক চিকিৎসালয়লৈ নিয়ে আৰু চিকিৎসা সেৱা প্ৰদান কৰে।

এই ঘটনাই কোভিড ৰোগীৰ প্ৰতি একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে প্ৰদৰ্শন কৰি অহা অৱহেলাৰ মনোভাৱকে পুনৰ বাৰ উদঙাই দিছে।

Related News