NORTHEAST NOW (Assamese)

ইন্ধনৰ মূল্যবৃদ্ধিত অতিষ্ঠ: বিকল্প হিচাপে ক্ৰয় কৰিলে ঘোঁৰা

March 15, 2022 3:25 pm · এন ই নাও নিউজ, গুৱাহাটী

ইন্ধনৰ বৰ্দ্ধিত মূল্যই অতিষ্ঠ কৰিছে নেকি ? চিন্তাৰ কাৰণ নাই, ইন্ধনে আপোনাৰ এতিয়া জেপ খালী নকৰে। ইন্ধন ব্যৱহৃত বাহনৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে ঘোঁৰা।

আচহুৱা যেন লাগিলেও ঔৰঙ্গাবাদৰ এজন ব্যক্তিয়ে গ্ৰহণ কৰিছে পৰিবহনৰ এই বিকল্প ব্যৱস্থা। এই ব্যক্তিজনে নিজা কামৰ উদ্দেশ্যে যাত্ৰা কৰিবলৈ ঘোঁৰা ব্যৱহাৰ কৰে।

ইন্ধনৰ মূল্য বৃদ্ধিৰ পৰা পৰিত্ৰাণ পাবলৈ ঘোঁৰাক পৰিবহনৰ এক যুক্তিসঙ্গত বিকল্প হিচাপে বাচনি কৰিছে এই ব্যক্তিজনে।

ঔৰঙ্গাবাদৰ শ্বেখ ইউচুফ নামৰ এই ব্যক্তিজনে তেওঁৰ ঘোঁৰাটোৰ নাম ৰাখিছে ‘জিগৰ’। এই জিগৰ শ্বেখ ইউচুফৰ যাতায়তৰ মাধ্যম।

শ্বেখে কয়, “মই লকডাউনৰ সময়ত এই ঘোঁৰাটো কিনিছিলো। পেট্ৰ’লৰ মূল্য বৃদ্ধিৰ বাবে মোৰ বাইকখন অব্যৱহৃত হৈ আছিল। লগতে ৰাজহুৱা পৰিবহন ব্যৱস্থাও বন্ধ আছিল।”

“এনে পৰিস্থিতিত যাতায়তৰ বাবে মই ৪০,০০০ টকাত এই ঘোঁৰাটো কিনিছিলো” বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে শ্বেখ ইউচুফে।

 

শ্বেইখ ইউচুফ ৱাইবি চৱন কলেজ অৱ ফাৰ্মাচীত পৰীক্ষাগাৰ সহায়ক হিচাপে কৰ্মৰত।

সংবাদ মাধ্যমৰ আগত শ্বেখে কয়, “মই এখন মহাবিদ্যালয়ত পৰীক্ষাগাৰ সহায়ক হিচাপে কাম কৰোঁ আৰু আজিও মই মোৰ ঘোঁৰাটো যাতায়তৰ বাবে ব্যৱহাৰ কৰোঁ।”

“ঘোঁৰাত যাতায়ত কৰিলে ব্যক্তি এজন সুস্থ আৰু স্বাস্থ্যৱান হৈ থাকে। লগতে, ইন্ধনৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত পৰিবহনৰ মাধ্যম হিচাপে ঘোঁৰা এক সম্ভৱনাপূৰ্ণ বিকল্প।”- শ্বেখ ইউচুফে কয়।

Related News