NORTHEAST NOW (Assamese)

হিট এণ্ড ৰাণ আইনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদঃ ২৫০ ফুট ওখ মোবাইল টাৱাৰত উঠি প্ৰতিবাদ চালকৰ

January 11, 2024 3:13 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 11, 2024 3:14 pm

কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা ভাৰতীয় ন্যায় সংহিতা আইনত হিট এণ্ড ৰাণ গোচৰৰ সন্দৰ্ভত নতুন শাস্তিমূলক বিধানৰ বিৰুদ্ধে ট্ৰাক, বাছ আৰু টেংকাৰ চালকসকলে দেশজুৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ আশ্বাস দিয়াৰ পিছত অৱশ্যে প্ৰতিবাদ বাতিল কৰিছিল চালকসকলে। কিন্তু তাৰ মাজতে আইনখনৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদেৰে চৰ্চালৈ আহিছে পঞ্জাৱৰ এজন ট্ৰাক চালক।

এই ট্ৰাক চালকজনে হিট এণ্ড ৰাণ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গ্ৰহণ কৰে এক বিশেষ পন্থা। চালকজনে ফৰিদকোট জিলাৰ কোট কাপুৰাত ২৫০ ফুট উচ্চতাৰ এটা মোবাইল টাৱাৰত আৰোহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, মঙলবাৰে চালকজনে এই কাৰ্য কৰে। চালকজনক কুলৱিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে। টাৱাৰটো বগোৱাৰ পূৰ্বে কুলৱিন্দৰে সুৰা সেৱন কৰিছিল বুলি বিষয়াজনে সদৰী কৰে।

তেওঁ লগতে উল্লেখ কৰা মতে স্থানীয় লোক আৰু আৰক্ষীৰ বহু লোকে কুলৱিন্দৰক বুজনি দিয়াৰ পিছতো তেওঁ টাৱাৰটোৰ পৰা নামিবলৈ অস্বীকাৰ কৰিছিল আৰু নতুন আইনখন প্ৰত্যাহাৰ কৰিব লাগে বুলি ওপৰৰ পৰা চিঞৰ লগাইছিল।

অৱশ্যে সন্ধিয়ালৈ কুলৱিন্দৰ সিং টাৱাৰটোৰ পৰা নামি আহে। তাৰ পিছতে তেওঁ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে চৰকাৰে নতুন হিট এণ্ড ৰাণ আইন প্ৰত্যাহাৰ কৰিব লাগে।

আমি অতি দুখীয়া আৰু ১০ লাখ টকা দিব নোৱাৰো বুলিও ক্ষোভ প্ৰকাশ কৰে সিঙে। ইফালে পুৱাৰে পৰা ঠাণ্ডাত এইদৰে টাৱাৰৰ ওপৰত থকা বাবে পিছত সিঙক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related News