NORTHEAST NOW (Assamese)

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

August 10, 2025 10:33 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাষ্ট্ৰপতিগৰাকীক ধৰি আনি দিলেই ৪০০ কোটি টকাৰ পুৰস্কাৰ দিব ট্ৰাম্পে! তেওঁ হৈছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো। আমেৰিকাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে দুগুণ পুৰস্কাৰ ঘোষণা কৰিছে।

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫০ মিলিয়ন ডলাৰ বা প্ৰায় ৪,৩৭,৪৪,৬৮,৫০০.০০ টকা পুৰস্কাৰ ঘোষণা কৰিছে। অৰ্থাৎ ৪০০ কোটি টকাৰো অধিক।

মাদুৰোক কিয় গ্ৰেপ্তাৰ কৰিব বিচাৰিছে ট্ৰাম্পে?

ট্ৰাম্পে দাবী কৰিছে যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো বিশ্বৰ অন্যতম বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ মাফিয়াৰ সৈতে গোপন বুজাবুজিৰে ফেণ্টানিল মিশ্ৰিত কোকেইন তেওঁ আমেৰিকালৈ প্ৰেৰণ কৰাৰ অভিযোগ। যিয়ে মানুহৰ জীৱন ধ্বংস কৰি আছে।

২০২০ চনত ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত নিউয়ৰ্কৰ আদালতত মাদুৰোৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ, ড্ৰাগছ-সন্ত্ৰাসৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল। সেই সময়ত ১৫ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। পিছত বাইডেন চৰকাৰে সেই ধন ২৫ মিলিয়ন ডলাৰলৈ বৃদ্ধি কৰে। এতিয়া ট্ৰাম্পে সেয়া পুনৰ দুগুণ কৰিছে। ৯/১১ৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড ওছামা বিন লাডেনৰ বাবেও একে পৰিমাণৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

মাদুৰোৰ প্ৰতি আমেৰিকাৰ বিদ্বেষ

ড্ৰাগছ মাফিয়াৰ সৈতে গোপন বুজাবুজি কৰি মাদুৰোই আমেৰিকালৈ বৃহৎ পৰিমাণৰ কোকেইন সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই। মাদুৰোৰ পৰা ৭০ লাখ টন কোকেইন জব্দ কৰিছে আমেৰিকাৰ ড্ৰাগছ এজেন্সীয়ে। চোৰাংভাৱে অনা কোকেইনত ফেণ্টানিল নামৰ বিপজ্জনক ড্ৰাগছ মিহলি কৰা হৈছে। সেই ঔষধে আমেৰিকাত ড্ৰাগছৰ আসক্তি বৃদ্ধি কৰিছে।

মাদুৰোৰ ক্ষমতা আৰু বিতৰ্ক

২০২৪ চনত নিকোলাছ মাদুৰো পুনৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। কিন্তু আমেৰিকা, ইউৰোপীয় ইউনিয়ন আৰু বহু লেটিন আমেৰিকাৰ দেশে এই নিৰ্বাচনক ভুৱা বুলি অভিহিত কৰে। তেওঁলোকে আচলতে মাদুৰোৰ প্ৰতিদ্বন্দ্বীক প্ৰকৃত ৰাষ্ট্ৰপতি বুলি গণ্য কৰে। কিন্তু তথাপিও মাদুৰো ক্ষমতাত আছে।

Related News