NORTHEAST NOW (Assamese)

ৰাছিয়াৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ ভাৰতৰ ওপৰত কৰ আৰোপ কৰা হৈছে- ড’নাল্ড ট্ৰাম্প

September 4, 2025 11:58 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 4, 2025 1:00 pm

ইউক্ৰেইন যুদ্ধৰ প্ৰেক্ষাপটত ৰাছিয়াক চাপ দিয়া উদ্দেশ্যে ভাৰতৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক সমৰ্থন কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বুধবাৰে ৱাশ্বিংটনৰ অ’ভেল অফিচত পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাৱৰ’কিৰ সৈতে বৈঠকৰ সময়ত ট্ৰাম্পে কয়, এই নিষেধাজ্ঞাৰ ফলত ৰাছিয়াৰ কোটি কোটি ডলাৰৰ লোকচান হৈছে। লগতে তেওঁ সম্ভাৱ্য “দ্বিতীয় বা তৃতীয় পৰ্যায়”ৰ তীব্ৰতা বৃদ্ধি হোৱাৰ ইংগিত দিলেও কোনো সুনির্দিষ্ট তথ্য প্ৰকাশ কৰা নাই।

ইয়াৰ এদিন আগতেই ভাৰতৰ শুল্ক হ্ৰাসৰ সম্ভাৱনা নাকচ কৰিছিল ট্ৰাম্পে। ৫০% শাস্তিমূলক শুল্ক হ্ৰাস হ’ব নেকি বুলি প্ৰশ্ন তুলাত ট্ৰাম্পে ভাৰতৰ সৈতে ভাল সম্পৰ্কৰ উদাহৰণ দি কেৱল “নাই” বুলি উত্তৰ দিয়ে। যদিও, তেওঁ বাণিজ্যিক ভাৰসাম্যহীনতাক আঙুলিয়াই কয় যে ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত বিশ্বৰ কিছুমান সৰ্বোচ্চ শুল্ক দীৰ্ঘদিন ধৰি আৰোপ কৰি আহিছে।

আগষ্ট মাহৰ পৰা আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্যিক আলোচনা স্থবিৰ হৈ আছে। কৃষি সুবিধা আৰু শুল্কৰ পাৰস্পৰিকতা আদি বিষয় লৈ হোৱা পাঁচ ৰাউণ্ডৰ আলোচনাও বিফল হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ স্বাৰ্থত আপোচ নকৰাৰ প্ৰতিশ্ৰুতি দিলেও, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে নৱেম্বৰৰ ভিতৰত চুক্তি হোৱাৰ আশা প্ৰকাশ কৰিছে। ভাৰতে এই শুল্কক অন্যায় আখ্যা দি নিজৰ অৰ্থনৈতিক স্বাৰ্থ আৰু নিৰাপত্তা ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছে।

Related News