NORTHEAST NOW (Assamese)

কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

September 10, 2025 12:43 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক কাটাৰৰ ডোহাত হামাছৰ নেতাসকলক লক্ষ্য কৰি কৰা বিমান আক্ৰমণৰ বাবে ৰাজহুৱাভাৱে সমালোচনা কৰিছে। ট্ৰাম্পে কয় যে তেওঁক এই আক্ৰমণৰ বিষয়ে আগতীয়াকৈ জনোৱা হোৱা নাছিল আৰু কাটাৰ গাজাত শান্তি আলোচনাত সহায় কৰা আমেৰিকাৰ ঘনিষ্ঠ মিত্ৰ দেশ সেয়ে তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে। এই আক্ৰমণত কমেও পাঁচজনৰ মৃত্যু হৈছে,

ট্ৰাম্পে জোৰ দি কয় যে এই আক্ৰমণৰ সিদ্ধান্ত তেওঁৰ নহয়, নেতানিয়াহুৰ আছিল আৰু কাটাৰক আমেৰিকাৰ “শক্তিশালী মিত্ৰ আৰু বন্ধু” বুলি মত পোষণ কৰে। এই আক্ৰমণে গাজাৰ যুদ্ধ বন্ধ কৰাৰ প্ৰচেষ্টাত বাধা দিব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰিছে। ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ ট্ৰাম্পে বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ক কাটাৰৰ সৈতে প্ৰতিৰক্ষা চুক্তি চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কাটাৰৰ নেতা শ্বেইখ তামিম বিন হামাদ আল থানিৰ সৈতে ফোনত কথা পাতি কাটাৰৰ ভূমিত এনে আক্ৰমণ পুনৰ নহ’ব বুলি আশ্বাস প্ৰদান কৰিছে।

ইফালে কাটাৰে ক্ষুব্ধ হৈ কয় যে তেওঁলোকে আক্ৰমণৰ কোনো সতৰ্কবাণী পোৱা নাছিল, বিস্ফোৰণ আৰম্ভ হোৱাৰ লগে লগে আমেৰিকাৰ পৰা ফোন আহিছিল। ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে তেওঁ এই পৰিস্থিতিৰ বাবে  আচৰিত হোৱা নাই কিন্তু আশা কৰে যে ইয়াৰ ফলত শান্তিৰ পথ মুকলি হ’ব পাৰে। তেওঁৰ মতে, ইজৰাইল আৰু হামাছ দুয়োখন দেশে পণবন্দী মুক্ত কৰা আৰু সংঘাতৰ অন্ত পেলোৱাৰ বাবে যুদ্ধবিৰতিৰ দিশত কাম কৰা উচিত, যদিও এই আক্ৰমণৰ ফলত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।

Related News