NORTHEAST NOW (Assamese)

ট্ৰাম্প-বুদ্ধ! ভাইৰেল হ’ল চীনত সজা ডণাল্ড ট্ৰাম্পৰ ধ্যানৰত মূৰ্তি, চাওক-

March 12, 2021 6:12 pm · এন ই নাও নিউজ
Updated: March 12, 2021 6:15 pm

বগা ৰঙৰ এটা ডণাল্ড ট্ৰাম্পৰ মূৰ্তি।

বহি আছে ঠিক গৌতম বুদ্ধৰ দৰে ধ্যানৰত অৱস্থাত।

ইণ্টাৰেনটত ভাইৰেল হোৱা সদ্যবিদায়ী মাৰ্কিন ৰাষ্ট্ৰপতিজনৰ এই মূৰ্তিৰ ছৱিখনে সৰস প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কেৱল ভাইৰেল হোৱাই নহয়, চীনৰ এটা ই-কমাৰ্চ চাইটে ট্ৰাম্পৰ এই সৰস মূৰ্তিটো বিক্ৰী কৰি প্ৰচুৰ টকা অৰ্জন কৰিছে।

ভাৰতীয় হিচাপত মূৰ্তিটোৰ দাম প্ৰায় ৪৫ হাজাৰ টকা।

টাওবাও নামৰ ই-কমাৰ্চ চাইটত বিক্ৰী হোৱা মূৰ্তিটোৰ আকাৰ হিচাপত দুই ধৰণে সজা হৈছে।

৪.৬ মিটাৰৰ মূৰ্তিটোৰ দাম ভাৰতীয় হিচাপত ৪৪,৭০১ টকাৰ বিপৰীতে ১.৬ মিটাৰেৰে মূৰ্তিটোৰ দাম ভাৰতীয় হিচাপত ১১,১৬৮ টকা।

ই-কমাৰ্চ চাইটটোৱে মূৰ্তিটো সম্পৰ্কে লিখিছে যে ট্ৰাম্পে বুদ্ধতকৈও বৌদ্ধ ধৰ্ম সম্পৰ্কে বেছি জানে।

তদুপৰি চাইটটোৱে কৈছে এই মূৰ্তিটো অফিচ-কাচাৰীসমূহত স্থাপন কৰিলে সকলোৰে উন্নতি হ’ব।

ট্ৰাম্পৰ শ্লোগান ‘মেক আমেৰিকা গ্ৰেট এগেইন’ৰ মতেই এই মূৰ্তিটোৱে ‘মেক ইয়ৰ কম্পেনী গ্ৰেট এগেইন’ৰ বাৰ্তা প্ৰেৰণ কৰিব বুলি চাইটটোৱে প্ৰকাশ কৰিছে।

বহু লোকে ট্ৰাম্পৰ মূৰ্তিটো কৌতুকবসতঃভাৱেই ক্ৰয় কৰিছে।

Related News