NORTHEAST NOW (Assamese)
অসম

গ্ৰীণলেণ্ড পাবলৈ আতুৰ ট্ৰাম্প, ডেনমাৰ্ককে ধৰি ইউৰোপৰ ৮ খন দেশৰ ওপৰত শুল্ক আৰোপ আমেৰিকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 18, 2026 9:50 am

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰীনলেণ্ডৰ ওপৰত নিজৰ স্থিতি অলপো সলনি কৰা নাই। ডেনমাৰ্কৰ অধীনত থকা এই দ্বীপটো ক্ৰয় কৰিবলৈ আমেৰিকাই আগ্ৰহী যদিও ডেনমাৰ্কে এই প্ৰস্তাৱক স্পষ্টভাৱে অগ্ৰাহ্য কৰিছে। ইপিনে, এইবাৰ ক্ষুব্ধ ট্ৰাম্পে প্ৰত্যক্ষ অৰ্থনৈতিক চাপ সৃষ্টিৰ পথ গ্ৰহণ কৰিছে। শনিবাৰে তেওঁ ঘোষণা কৰে যে ইউৰোপৰ ৮খন দেশৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰা হ’ব।

ট্ৰাম্পে কয় যে ২০২৬ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ডেনমাৰ্ক, নৰৱে, ছুইডেন, ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন, নেদাৰলেণ্ড আৰু ফিনলেণ্ডৰ পৰা আমেৰিকালৈ আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। তেওঁ ইয়াতেই থমকি ৰোৱা নাই । ট্ৰুথ ছ’চিয়েলত প্ৰেৰণ কৰা বাৰ্তাত ট্ৰাম্পে সতৰ্কবাণীমূলক সুৰত কয় যে ১ জুনৰ পৰা এই শুল্কৰ হাৰ ২৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব।

গ্ৰীণলেণ্ড ক্ৰয়ৰ সন্দৰ্ভত ট্ৰাম্পৰ যুক্তি নতুন নহয়। তেওঁ দাবী কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এতিয়া গ্ৰীণলেণ্ড অতি গুৰুত্বপূৰ্ণ। ৰাছিয়া আৰু চীনে দ্বীপটোৰ ওপৰত চকু ৰাখিছে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে।

ট্ৰাম্পে কয় যে কেৱল ডেনমাৰ্কে দ্বীপটোৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে। আমেৰিকাৰ আধুনিক ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাক ফলপ্ৰসূ কৰি ৰাখিবলৈ হ’লে আমেৰিকাৰ বাবে গ্ৰীনলেণ্ডৰ দৰে কৌশলগত অৱস্থান থকাটো অতি প্ৰয়োজনীয়।

এই প্ৰসংগত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়েও ব্যংগ সুৰ প্ৰকাশ কৰে। ট্ৰাম্পে মন্তব্য কৰে যে, ‘গ্ৰীনলেণ্ডক ৰক্ষা কৰিবলৈ ডেনমাৰ্কত মাত্ৰ দুখন কুকুৰে টনা স্লেজ আছে।’ তেওঁৰ দাবী যে গ্ৰীণলেণ্ডক সুৰক্ষা দিয়াৰ ক্ষমতা কেৱল আমেৰিকাৰহে আছে।

একে সময়তে ট্ৰাম্পে ইউৰোপৰ দেশসমূহলৈও আঙুলিয়াই দিয়ে। তেওঁৰ অভিযোগ যে আমেৰিকাই বছৰ বছৰ ধৰি ইউৰোপক আৰ্থিকভাৱে সহায় কৰি আহিছে। সেয়ে ডেনমাৰ্কে এতিয়া গ্ৰীণলেণ্ড এৰি দি আমেৰিকাৰ কাষত থিয় দিয়া উচিত। ট্ৰাম্পে স্পষ্টভাৱে কৈছে যে, ‘গ্ৰীনলেণ্ড ক্ৰয়ৰ চুক্তি চূড়ান্ত নোহোৱালৈকে এই শুল্ক চলি থাকিব।’

উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা আমেৰিকাই গ্ৰীণলেণ্ড ক্ৰয় কৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু ডেনমাৰ্কে প্ৰতিবাৰেই এই প্ৰস্তাৱ নাকচ কৰিছে। এইবাৰ ড’নাল্ড ট্ৰাম্পে পোনপটীয়াকৈ দ্বীপটোৰ ওপৰত অৰ্থনৈতিক চাপ প্ৰয়োগ কৰাৰ কৌশল গ্ৰহণ কৰিলে।