NORTHEAST NOW (Assamese)

আইফোন আৰু ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব : ভাবুকি ট্ৰাম্পৰ

May 23, 2025 7:55 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 23, 2025 7:03 pm

আমেৰিকাৰ বাহিৰত নিৰ্মিত আইফোনত ২৫ শতাংশ শুল্ক আৰোপ কৰিব বুলি এপলক ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। জুন মাহৰ পৰা ইউৰোপীয় সংঘৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ কথাও তেওঁ কৈছে।

শুকুৰবাৰে ডনাল্ড ট্ৰাম্পে নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছচিয়েলত পোষ্ট কৰি কয় যে, ‘মই ইতিমধ্যে এপলৰ টিম কুকক জনাইছো যে আমেৰিকাত বিক্ৰী হবলগীয়া আইফোনসমূহ ভাৰত বা আন কোনো দেশত নহয়, আমেৰিকাত নিৰ্মাণ হব লাগে।

যদি আইফোন সমূহ আমেৰিকাত নিৰ্মাণ কৰা নহয় তেন্তে এপলে আমেৰিকাক কমেও ২৫ শতাংশ শুল্ক দিব লাগিব।

দ্বিতীয়টো পোষ্টত ট্ৰাম্পে ইউৰোপীয় সংঘৰ ওপৰত শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত কয় যে, “প্ৰথমে বাণিজ্যত আমেৰিকাৰ সুবিধা লবলৈ সৃষ্টি কৰা ইউৰোপীয় সংঘৰ সৈতে চুক্তি কৰাটো অতি কঠিন হৈ পৰিছে।

তেওঁ কয়, “তেওঁলোকৰ বাণিজ্যিক বাধা, ভেট কৰ, অপ্ৰয়োজনীয় কৰ্পৰেট শাস্তি, আৰ্থিক হেতালি আৰু আমেৰিকাৰ কোম্পানীসমূহৰ বিৰুদ্ধে অন্যায় মামলাৰ ফলত আমেৰিকাত প্ৰতি বছৰে ২৫ কোটি ডলাৰৰ ওপৰৰ বাণিজ্যিক ঘাটি হৈছে, যিটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়। তেওঁলোকৰ সৈতে আমাৰ আলোচনা কোনো সিদ্ধান্তত উপনীত হোৱা নাই। সেয়েহে মই ২০২৫ চনৰ ১ জুনৰ পৰা ইউৰোপীয় সংঘৰ ওপৰত প্ৰত্যক্ষভাৱে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পৰামৰ্শ দিছো।”

অৱশ্যে ট্ৰাম্পে স্পষ্ট কৰি দিছে যে যদি কোনো সামগ্ৰী আমেৰিকাত নিৰ্মিত বা নিৰ্মাণ কৰা হয়, তেন্তে ইয়াৰ ওপৰত কোনো শুল্ক আৰোপ কৰা নহব।

Related News