NORTHEAST NOW (Assamese)

ডেমক্ৰেটিকৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছৰ জন্মস্থানকলৈ প্ৰশ্ন ট্ৰাম্পৰ

August 14, 2020 2:20 pm · এন ই নাও নিউজ

ক্ৰমাৎ গৰম হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বতাহ।

অহা নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া মাৰ্কিন ৰাষ্ট্রপতি নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা ভাৰতীয়মূলৰ কমলা হেৰিছক লৈ এতিয়িা চিন্তিত হৈ পৰিছে ৰিপাব্লিকান দল।

সেইবাবেই ৰিপাব্লিকানৰ নেতা তথা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কমলা হেৰিছৰ জন্মস্থানক লৈ সূচনা কৰিছে নতুন বিতৰ্কৰ।

ট্ৰাম্পৰ মতে আমেৰিকাৰ সংবিধান অনুসৰি কোনো বিদেশী লোকে মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে।

এনে ক্ষেত্ৰত কমলা হেৰিছে কিদৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে বুলি ট্ৰাম্পে প্ৰশ্ন কৰে।

ট্ৰাম্পৰ মতে কমলা হেৰিছৰ পিতৃ জামাইকাৰ আৰু মাতৃ ভাৰতৰ।

১৯৬৪ চনৰ ২০ অক্টোৱৰত অকলেণ্ডত জন্ম গ্ৰহণ কৰিছিল কমলা হেৰিছে।

সেই দিশৰ পৰা তেওঁ আমেৰিকাৰ স্থানীয় বাসিন্দা নহয়।

তেন্তে তেওঁ কি দৰে মাৰ্কিন উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে বুলিও ট্ৰাম্পে প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য আমেৰিকাৰ সংবিধান অনুসৰি আমেৰিকাত জন্মগ্ৰহণ নকৰা কোনো লোকে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাগ লব নোৱাৰে।

ট্ৰাম্পে ইয়াৰ পূৰ্বেও প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অবামাৰ জন্ম আমেৰিকাত হোৱা নাছিল বুলি দাবী কৰিছিল।

Related News