NORTHEAST NOW (Assamese)

ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ নতুন পাকঃ ট্ৰাম্পৰ সকিয়নি আৰু পুটিনৰ কুৰ্স্ক ভ্ৰমণ

March 15, 2025 7:51 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ নতুন পাক। ট্ৰাম্প প্ৰশাসনে আগবঢ়োৱা যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ নকৰিলে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব বুলি সকিয়াই দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ইয়াৰ মাজতে ট্ৰাম্পে যুদ্ধবিৰতিৰ সম্ভাৱনাৰ প্ৰতি আশাবাদী হৈ কয় যে ৰাছিয়াক অত্যধিক হেঁচা প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা নাই। আমেৰিকাই স্পষ্ট কৰি দিছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ সৈতে ৰাজনৈতিক খেল খেলিবলৈ অৱকাশ দিয়া নহ’ব। 

উল্লেখ্য যে বিগত মাহত আমেৰিকাৰ মধ্যস্থতাত ছৌদি আৰৱত অনুষ্ঠিত বৈঠকৰ পৰৱৰ্তী সময়ত ইউক্ৰেইনে ৩০ দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি জনায়। ইয়াৰ পিছত ৰাছিয়াইও চুক্তিত যোগ দিয়াৰ ইংগিত প্ৰদান কৰে যদিও পুটিনে কেইবাটাও চৰ্ত আৰোপ কৰে।

একে সময়তে, শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ২০২৪ চনৰ আগষ্টত ইউক্ৰেইনীয় সেনাৰ আংশিক আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে বিতৰ্কিত কুৰ্স্ক অঞ্চল ভ্ৰমণ কৰে।

উল্লেখ্য যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্যতম গুৰুত্বপূৰ্ণ ৰণাংগন হিচাপে পৰিগণিত এই অঞ্চলত বিগত বৰ্ষত ইউক্ৰেইনে ইয়াত বৃহৎ সামৰিক অভিযান কৰি কিছুমান এলাকা নিজৰ দখললৈ আনে। 

ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিযুক্ত বিশেষজ্ঞসকলে কুৰ্স্কৰ বৰ্তমানৰ পৰিস্থিতিক অত্যন্ত উদ্বেগজনক বুলি মূল্যায়ন কৰিছে। শেহতীয়াকৈ ট্ৰাম্পৰ মন্তব্য আৰু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ নতুন গতিধাৰাই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ৰাছিয়ান সেনাই প্ৰদান কৰা তথ্যমতে, সেনাবাহিনীয়ে যোৱা পাঁচ দিনত কুৰ্স্কৰ ২৪টা বসতি পুনৰ দখল কৰাৰ লগতে অঞ্চলটো সম্পূৰ্ণভাৱে মুক্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছে।

Related News