NORTHEAST NOW (Assamese)

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

September 1, 2025 5:59 pm · এন ই নাও নিউজ, গুৱাহাটী

তেল বিপণন কোম্পানীসমূহে বাণিজ্যিক ১৯ কিলোগ্ৰাম লিকুইফাইড পেট্ৰলিয়াম গেছ (এল পি জি) চিলিণ্ডাৰৰ হাৰ ৫১.৫০ টকা হ্ৰাস কৰিছে, যিটো ১ ছেপ্টেম্বৰ সোমবাৰৰ পৰা কাৰ্যকৰী হব।

১৪.২ কেজিৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। দিল্লীত ১ ছেপ্টেম্বৰৰ পৰা ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা বিক্ৰী মূল্য ১৫৮০ টকা।

দিল্লীত ১৯ কেজি এল পি জিৰ এটা কমাৰ্চিয়েল চিলিণ্ডাৰৰ খুচুৰা মূল্য ১,৬৩১.৫০ টকাৰ পৰা হ্ৰাস পাই ১,৫৮০ টকাব।

ভাৰতীয় তেল নিগমৰ তথ্য অনুসৰি কলকাতা, মুম্বাই আৰু চেন্নাইত বাণিজ্যিক এল পি জিৰ মূল্য ক্ৰমে ১,৬৮৪, ১,৫৩১.৫, আৰু ১,৭৩৮ টকালৈ হ্ৰাস কৰা হব।

ইফালে, ১৪.২ কেজি চিলিণ্ডাৰৰ দাম ৮ এপ্ৰিলৰ পৰা একেই আছে।দিল্লীত এটা চিলিণ্ডাৰৰ দাম ৮৫৩ টকা, আনহাতে চেন্নাই, কলকাতা, আৰু মুম্বাইত ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ পৰা উপলব্ধ তথ্য অনুসৰি ৮৬৮.৫০, ৮৭৯, আৰু ৮৫২.৫০ টকা।

আগষ্ট মাহত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কেন্দ্ৰই শেহতীয়াকৈ ১২ ভাগত তেল কোম্পানীক ৩০ হাজাৰ কোটি টকা দিয়াৰ সিদ্ধান্তক প্ৰশংসা কৰিছিল, যাৰ ফলত দেশত লিকুইফাইড পেট্ৰলিয়াম গেছৰ মূল্য সুস্থিৰ হৈ আছে। ৮ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে বিশ্বৰ অনিশ্চয়তাৰ মাজতো এল পি জিৰ মূল্য সুস্থিৰ কৰি ৰখা তেল কোম্পানীসমূহক বাৰটা ভাগত ৩০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ দিবলৈ অনুমোদন জনাইছে।

Related News