NORTHEAST NOW (Assamese)
Popular Stories

হৰেন সিং বে’ হাৰিলে ৰাজনৈতিক জীৱন ত্যাগ কৰিম : তুলিৰাম ৰংহাং

Posted by: এন ই নাও নিউজ April 13, 2019 9:29 pm
Husband rubbishes alleged harassment of his wife by newly elected BJP MP Horensing Bey

এইবাৰৰ লোকসভা নিৰ্বাচনত স্বায়ত্ত শাসিত জিলা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰেন সিং বে’ পৰাস্ত হ’লে ৰাজনৈতিক জীৱন ত্যাগ কৰিব কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

আজি পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে এই ঘোষণা কৰে।

তেওঁ কয়, ‘ডিফুত বিজেপি প্ৰাৰ্থীগৰকীয়ে জয়লাভ কৰিবই। হাৰিলে ৰাজনৈতিক জীৱন ত্যাগ কৰিম।‘

আনহাতে উক্ত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী হৰেণ সিং বে’ই কয় যে বিজেপি এৰি আন দলত যোগ দিয়া কৰ্মীয়ে দলটোৰ একো ক্ষতি কৰিব নোৱাৰে।

উল্লেখযোগ্য যে স্বায়ত্ত শাসিত জিলা সমষ্টিত, যোৱা ১১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ১৮ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সমষ্টিটোত মুঠ ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব।

এইবাৰ নিৰ্বাচনত হৰেন সিং বে’ৰ মূল প্ৰতিদ্বন্দ্বী হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তথা সমষ্টিটোৰ বৰ্তমানৰ সাংসদ বিৰেন সিং ইংটি। ইয়াৰ উপৰি এ এছ ডি চি দলৰ হলিৰাম টেৰাঙো সমষ্টিটোৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী।