NORTHEAST NOW (Assamese)

গুৱাহাটীত ১২ আৰক্ষী ক’ভিড পজিটিভ

June 24, 2020 10:22 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

কৰ’নাৰ বিৰুদ্ধে যুঁজৰ আগশাৰীত থকা অসম আৰক্ষীৰ ১২গৰাকী জোৱান গুৱাহাটীত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে

ইয়াৰ পূৰ্বে গুৱাহাটীত প্ৰায় ১৮০গৰাকী আৰক্ষীৰ লোক কুৱাৰেণ্টিনত আছিল।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমক এই কথা সদৰী কৰি কয় যে বহুকেইজন আৰক্ষীৰ লোক ইতিমধ্যে আৰোগ্য হৈয়ো উঠিছে।

তেওঁ জনাই যে পূৰ্বে কুৱাৰেণ্টিন কৰাসকলৰ নমুনা পৰীক্ষাত নিগেটিভ পোৱা গৈছে।

তেওঁ লগতে জনাই যে গুৱাহাটীৰ হাতীগাওঁ আৰক্ষী থানাৰ ১২গৰাকী আৰক্ষীৰ লোকক কুৱাৰেণ্টিনত পঠোৱা হৈছে।

জিম্মাত থকা এজন চোৰক ক’ভিড-১৯ পজিটিভ পোৱা বাবে তেওঁলোকক কুৱাৰেণ্টিনত পঠোৱা হৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ চাৰিগৰাকী ট্ৰেফিক আৰক্ষী, গুৱাহাটীৰ ভিতৰৰে আৰক্ষী বেটেলিয়নৰ দুগৰাকী, এগৰাকী নিৰাপত্তা বিষয়া আৰু আৰক্ষী থানাৰ দুগৰাকীক ক’ভিড পজিটিভ পোৱা গৈছিল।

তাৰোপৰি, নগাঁৱৰ হয়বৰগাওঁ আৰক্ষী থানাৰ ১১গৰাকী লোকক কুৱাৰেণ্টিনত পঠোৱা হৈছে।

অপহৃতা এগৰাকী ছোৱালীক তেওঁলোকে উদ্ধাৰ কৰিছিল। পিছত ছোৱালীজনীক ক’ভিড পজিটিভ পোৱা গৈছিল।

Related News