NORTHEAST NOW (Assamese)

বৰডুমছাত চি আৰ পি এফ জোৱানৰ হত্যাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

September 7, 2023 5:45 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বৰডুমছা চেক গেটৰ সমীপত বুধবাৰে এগৰাকী চি আৰ পি এফ জোৱানৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আজি দুগৰাকী লোকক আটক কৰা হৈছে।

নামছাই আৰু চালাং আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই এই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৃত দুই অভিযুক্তক চাংলাংৰ চাও নেউতা মিন আৰু চাও আৰভি খেন বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে বুধবাৰে অসম-অৰুণাচল প্ৰদেশ সীমান্ত চেকগেটৰ কাষৰীয়া বৰডুমছাত এগৰাকী চি আৰ পি এফ জোৱানক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল।

বাইক আৰোহী দুই অচিনাক্ত ব্যক্তিয়ে তেওঁক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। নিহত জোৱানগৰাকীক সুনীল কুমাৰ পাণ্ডে বুলি চিনাক্ত কৰা হৈছিল।

হত্যাকাণ্ডৰ সময়ত জোৱানগৰাকী চিভিল ড্ৰেছত আছিল আৰু কেইগৰাকীমান সহকৰ্মীৰ সৈতে বজাৰ কৰাৰ উদ্দেশ্যে ওলাই গৈছিল। সেইসময়তে অচিনাক্ত বাইক আৰোহীকেইগৰাকীয়ে তেওঁক আক্ৰমণ কৰিছিল।

তিনিচুকীয়াৰ মাধাপুৰ বজাৰৰ সমীপত জোৱানগৰাকীক আক্ৰমণ কৰাৰ পিছতে দুই বাইক আৰোহী লগে লগে অৰুণাচলৰ দিশত পলায়ন কৰিছিল।

Related News